9. স্বৰ্গীয় কৃষ্ণ দেউৰীৰ পবিএ স্মৃতি :
স্বৰ্গীয় কৃষ্ণ দেউৰী, পিতা শ্ৰী কামনা দেউৰী, নিতাই দেউৰী গাঁৱৰ এজন প্ৰাক্তন খেলুৱৈ আৰু খেলপ্ৰেমী ব্যক্তি আছিল। তেওঁ কেৱল এজন খেলুৱৈয়েই নাছিল, গাঁৱৰ বহু শিশুৰ সপোন আৰু খেলৰ আগ্ৰহৰ আঁৰৰ এজন নীৰৱ প্ৰেৰণা আছিল।
সেই সময়ত আমাৰ গাঁৱত কোনো ৰাজহুৱা খেলপথাৰ নাছিল, আমি চকলা টেঙাৰ বল খেলিছিলোঁ, প্লাষ্টিক বান্ধি ফুটবল বনাই খেলিছিলোঁ, আৰু গছ বা বাঁহেৰে তৈয়াৰ কৰা ক্ৰিকেট বল লৈ দিন পাৰ কৰিছিলোঁ। কিন্তো সেই কঠিন সময়তো কৃষ্ণ দেউৰীয়ে নিজৰ ঘৰৰ পইচা খৰচ কৰি এখন ফুটবল কিনি আনি গাঁৱৰ ল’ৰা-ছোৱালীৰ বাবে ৰাজহুৱা কৰি এৰি দিছিল।
ধান কাটি চপোৱাৰ পিছত ধাননি পথাৰত নিজেই ফুটবল খেলপথাৰ সাজি তুলিছিল। গাঁৱৰ নামত দল গঠন কৰি ওচৰৰ বহু গাঁৱৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তাৰ বহু খৰচ নিজেই বহন কৰিছিল। বিশেষকৈ ১৯৯৫-৯৭ চনৰ সময়ৰ কথা ।
আজিও মনত পৰে— যি সময়ত আমি গ’লপোষ্টৰ পিছফালে থিয় হৈ আগ্ৰহেৰে খেল চাই আছিলোঁ, বাহিৰলৈ অহা বলখন এবাৰ চুই চাবলৈ ৰৈ আছিলো । খেল শেষ হোৱাৰ পিছত, কেতিয়াও বল চুব নোপোৱা সৰু ল’ৰাবোৰক তেওঁ মৰমেৰে বলখন চুই চাবলৈ আৰু এবাৰ কিক মাৰি চাবলৈ দিয়া সেই মুহূৰ্তবোৰ আজিও হৃদয়ত অম্লান হৈ আছে।
দুখৰ বিষয় যে তেওঁৰ এই মানৱতা, ত্যাগ আৰু খেলৰ প্ৰতি থকা ভালপোৱাক গাঁৱৰ বহু মানুহে হয়তো সেই সময়ত বুজি নাপালে। কিন্তো মোৰ নিচিনা কিছুমান সৰু হৃদয়ত তেওঁ সদায় জীয়াই থাকিল। মই নিজেও তেওঁৰ আদৰ্শ অনুসৰণ কৰি আজিও খেলৰ বাবে খৰচ কৰিবলৈ ভাল পাওঁ, কাৰণ তেওঁৰ মাজত মই নিঃস্বাৰ্থ ভালপোৱাৰ এক সঁচা মন দেখিছিলোঁ।
জীৱনৰ বহু ঘাট-প্ৰতিঘাট পাৰ কৰি শেষত কৃষ্ণ দেউৰীয়ে নিতাই দেউৰী গাঁৱৰ পৰা আঁতৰি আন এখন গাঁৱত থাকিবলৈ লয়। বাহিৰৰ পৰা নীৰৱ হৈ থাকিলেও, অন্তৰত তেওঁ বহু দুখ বহন কৰিছিল। সমাজ, গাঁও আৰু পৰিয়ালৰ বাবে কৰা নিজৰ ত্যাগ আৰু কষ্টৰ যথোচিত সন্মান নোপোৱাৰ বেদনাই তেওঁক ভিতৰি ভিতৰি কষ্ট দিছিল। এদিন সেই দুখৰ কথা তেওঁ মোৰ আগত প্ৰকাশ কৰি অতি আৱেগিক হৈ পৰিছিল।
মই তেওঁক চাবলৈ এদিন সেই দূৰৈৰ গাঁৱলৈ গৈছিলোঁ। এটা বিশাল পুখুৰীৰ পাৰত তেওঁৰ এটা সাধাৰণ জুপুৰী ঘৰ আছিল। তাৰে এটা চুকত, এজোপা গছৰ তলত এটা ত্ৰিশূলসহ বিভিন্ন ধৰণৰ ফুলেৰে পৰিৱেশটো ভৰি আছিল। তাৰ কিছু ওচৰতে আন এজোপা গছৰ তলত, এখন সাধাৰণ বস্তাৰ ওপৰত তেওঁ বহি আছিল। পিন্ধনত আছিল কেৱল এখন বগা ধুতি আৰু মূৰৰ দীঘল চুলিবোৰ ওপৰলৈ মেৰিয়াই বন্ধা আছিল। তেখেতৰ সেই জঁটাধাৰী চুলি খিনি দেখিবলৈ ঠিক কোনো সন্ন্যাসী বাবা বা সাধু পুৰুষৰ দৰে লাগিছিল।
মই তেখেতৰ সন্মুখত এখন কাঠৰ পীৰাত বহিছিলোঁ। ধীৰে ধীৰে তেওঁ মোৰ কথা বতৰাবোৰ অনুসৰণ কৰিবলৈ লৈছিল আৰু ময়ো অতি সহজভাৱে এটাৰ পিছত আন এটা কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে দিওঁতে মোৰ প্ৰতি তেখেতৰ আন্তৰিকতা আৰু আকৰ্ষণ বাঢ়ি গৈছিল। তেনেকৈয়ে আমি দুয়ো সেই সুন্দৰ শান্ত পৰিৱেশৰ মাজত বহু সময় ধৰি মনৰ কথা পাতি সময় পাৰ কৰিছিলোঁ।
সেই সময়ত তেওঁ কোৱা এটা কথাই মোৰ হৃদয় চুই গৈছিল। তেওঁ কৈছিল যে “ ইচ্ছা কৰিলে তেওঁ দেউতাকৰ পৰা পোৱা মাটি সম্পত্তিৰ চাৰি ভাগৰ এভাগ বিক্ৰী কৰিয়েই এটা ধুনীয়া পকী ঘৰ সাজি, গাড়ী-মটৰ কিনি অতি সুন্দৰ আৰু আধুনিক জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিন্তো নিজৰ সন্তান আৰু পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ সুখ-সুবিধা এই সকলো মায়া-মোহ ত্যাগ কৰি এজন প্ৰকৃত সন্ন্যাসীৰ দৰে জীৱন অতিবাহিত কৰিছে। পৃথিৱীৰ এই মায়াপাশৰ পৰা মুক্ত হৈ পৰজনমত যাতে স্বৰ্গত স্থান পায়, তাৰ বাবে তেওঁ ভগৱানক সদায় ব্যাকুল হৈ প্ৰাৰ্থনা কৰা বুলি মোক জানিবলৈ দিছিল” ।
মোৰ অনুভৱ হয়, হয়তো তেনেকুৱা বহু অবহেলা আৰু নীৰৱ বেদনাই তেওঁৰ আত্মাক গভীৰভাৱে আঘাত কৰিছিল।
স্বৰ্গীয় কৃষ্ণ দেউৰীৰ দৰে মানুহ হয়তো বেছি আলোচনাত নাথাকে, কিন্তো সমাজৰ ভিতৰচৰা তেওঁলোকেই নীৰৱে গঢ়ি তোলে। তেওঁৰ স্মৃতি, ত্যাগ আৰু আদৰ্শ সদায় সন্মানৰ সৈতে স্মৰণীয় হৈ থাকিব।
হয়তো জীৱিত অৱস্থাত বহু কথাৰ মূল্যায়ন হোৱা নাছিল, কিন্তো তেওঁৰ নিঃস্বাৰ্থ হৃদয় আৰু ত্যাগৰ বাবে আজিও অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বৰ্গীয় কৃষ্ণ দেউৰীৰ পবিত্ৰ আত্মাই চিৰশান্তি লাভ কৰক। — SK Deori (mydigitalvillage.co.in)