স্মৃতি নং 19
স্মৃতিৰ পাতত : স্বৰ্গীয় শৈলেন দেউৰী
জীৱন এক অনিশ্চিত যাত্ৰা, কোনে কেতিয়া, ক'ত আৰু কেনেকৈ এই পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব, সেয়া কোনেও আগতীয়াকৈ জানিব নোৱাৰে। এনে এক অতি দুখজনক আৰু হৃদয়বিদাৰক ঘটনাই নিতাই দেউৰী গাঁওবাসীক গভীৰ শোকত নিমজ্জিত কৰিছিল যেতিয়া গাঁওখনৰ জ্যেষ্ঠ নাগৰিক স্বৰ্গীয় শৈলেন দেউৰীয়ে ২০২৬ চনৰ ১ জুলাই তাৰিখে চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় ল'লে।
স্বৰ্গীয় শৈলেন দেউৰী স্বৰ্গীয় কিনাইবৰ দেউৰীৰ সুযোগ্য পুত্ৰ আছিল আৰু মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় আৰু আপোন মোমাইসকলৰ অন্যতম আছিল। প্ৰায় ৯০ বছৰ বয়সতো তেওঁ আছিল সুস্থ, কৰ্মঠ আৰু আত্মবিশ্বাসী। বৃদ্ধ বয়সতো তেওঁৰ কৰ্মস্পৃহা, শৃংখলাবদ্ধ জীৱন-যাপন, মানুহৰ প্ৰতি আন্তৰিকতা আৰু জীৱনৰ প্ৰতি থকা অনুৰাগ একেবাৰেই কমি যোৱা নাছিল। তেওঁ নিতাই দেউৰী গাঁওৰ আটাইতকৈ জ্যেষ্ঠ ব্যক্তিসকলৰ অন্যতম আছিল আৰু গাঁওবাসীৰ মাজত সন্মানীয়, সহজ-সৰল, কৰ্মনিষ্ঠ আৰু অমায়িক ব্যক্তি হিচাপে সুপৰিচিত আছিল।*
জীৱনৰ অন্তিম দিনটোতো তেওঁ আন দিনৰ দৰেই অতি সাধাৰণভাৱে দিন আৰম্ভ কৰিছিল। পুৱাই নিজৰ পুৰণি চাইকেলখন লৈ গাঁওৰ মাজেৰে ওলাই গৈছিল। পথত বহু গাঁওবাসীৰ সৈতে হাঁহি-মাতি কুশল বিনিময় কৰিছিল।
ৰাতিপুৱাৰ কাম সামৰি তেওঁ প্ৰায় ১০–১১ বজাৰ ভিতৰত ঘৰলৈ উভতি আহিছিল। কিছু সময় স্বাভাৱিকভাৱে পৰিয়ালৰ সৈতে কটাই থকাৰ পিছতে বুকুৰ বিষ আৰু অস্বস্তি অনুভৱ কৰা বুলি জানিবলৈ দিছিল । লগে লগে তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰে। চিকিৎসাৰ বাবে ক'লৈও নিয়াৰ সুযোগ নোপোৱাকৈ নিজ গৃহতেই তেওঁ চিৰদিনৰ বাবে সকলোকে এৰি গুচি যায়।
এই আকস্মিক ঘটনাই সমগ্ৰ গাঁওখনক স্তম্ভিত কৰি পেলায়। মাত্ৰ কিছু সময় আগলৈকে যিজন বৃদ্ধক গাঁওৰ মাজেৰে চাইকেল চলাই হাঁহিমুখে মানুহৰ সৈতে কথা পাতি ফুৰা দেখা গৈছিল, তেওঁ যে আৰু কেতিয়াও উভতি নাহিব—এই বাস্তৱতা সহজে বহুতে মানি ল'ব পৰা নাছিল।
তাতকৈও অধিক বেদনাদায়ক আছিল মোৰ বাবে- মৃত্যুৰ এদিন আগতে বজাৰত তেওঁৰ সৈতে মোৰ সাক্ষাৎ হৈছিল। তেওঁ আগৰ দৰেই মোক মৰমেৰে মাতিছিল, আৰু আমি কিছু সময় কথা পাতিছিলোঁ। তেতিয়া কল্পনাও কৰা নাছিলোঁ যে সেয়াই হ'ব তেওঁৰ সৈতে মোৰ জীৱনৰ শেষ সাক্ষাৎ আৰু শেষ কথোপকথন।
তেওঁৰ মৃত্যুৰ পিছত সেই শেষ সাক্ষাৎ, সেই মৰমভৰা মাত, সেই স্নেহময় মুখখন বাৰে বাৰে মোৰ মনত ভাঁহি উঠে। অজানিতে বুকুখন গধুৰ হৈ উঠে। মই কেতিয়াও ভাবা নাছিলোঁ যে সেই শেষ সাক্ষাৎ মোৰ জীৱনজুৰি হৃদয়ত কঢ়িয়াই লৈ ফুৰিবলগীয়া এক নীৰৱ বেদনা হৈ ৰ'ব।
আজি এটা কথাই মোক গভীৰভাৱে কষ্ট দিয়ে। তেওঁক কিবা এটা দিবলৈ মোৰ আন্তৰিক ইচ্ছা আছিল। কিন্তো সেই সময়ত মোৰ হাতত সেই সামৰ্থ্য নাছিল। কেতিয়াবা মনত হয়, তেওঁ যেন মোক আৰু বহু কথা ক'ব বিচাৰিছিল। তেওঁৰ মুখলৈ চাই তেনেকুৱাই অনুভৱ হৈছিল। কিন্তো সময়ে সেই সুযোগ আৰু নিদিলে। সেয়েহে সেই অপূৰ্ণ অনুভৱ, অপূৰ্ণ ইচ্ছা আৰু শেষ সাক্ষাতৰ স্মৃতিয়ে আজিও মোৰ হৃদয়ত এক গভীৰ নীৰৱ বেদনাৰ সৃষ্টি কৰি আছে।
তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গাঁওবাসীৰ সহযোগত তেওঁ সেইদিনাই নিজ হাতে কিছু পৰিষ্কাৰ কৰা ঠাইতেই শেষকৃত্য সম্পন্ন কৰা হয়। এই ঘটনাই সকলোকে গভীৰভাৱে স্পৰ্শ কৰিছিল। যেন জীৱনে নিজেই সকলোকে এক নীৰৱ শিক্ষা দি গ'ল—মানুহে যি ঠাই আজীৱন যত্ন লয়, কেতিয়াবা সেই ঠাইয়েই তেওঁৰ জীৱনৰ শেষ আশ্ৰয়স্থলী হৈ পৰে।
স্বৰ্গীয় শৈলেন দেউৰীয়ে নিজৰ জীৱনৰ সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। তেওঁ নিজৰ একমাত্ৰ পুত্ৰ শ্ৰী চন্দ্ৰজিৎ দেউৰীক প্ৰতিষ্ঠিত কৰাৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব সুকলমে পালন কৰিছিল। এজন দায়িত্বশীল পিতা, স্নেহময় স্বামী আৰু আদৰ্শ পৰিয়ালৰ মুৰব্বী হিচাপে তেওঁ নিজৰ কৰ্তব্য সফলতাৰে সম্পন্ন কৰিছিল।
জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ নিজৰ প্ৰিয় ধৰ্মপত্নী, একমাত্ৰ পুত্ৰ, তিনিগৰাকী কন্যা, নাতি-নাতিনী, আত্মীয়-স্বজন আৰু অসংখ্য শুভাকাঙ্ক্ষীক গভীৰ শোকৰ মাজত এৰি চিৰবিদায় লয়। তেওঁৰ মৃত্যুৱে কেৱল এটা পৰিয়ালক নহয়, সমগ্ৰ নিতাই দেউৰী গাঁওখনক এক অপূৰণীয় ক্ষতিৰ সন্মুখীন কৰিছে।
স্বৰ্গীয় শৈলেন দেউৰী কেৱল এজন বৃদ্ধ ব্যক্তি নাছিল; তেওঁ আছিল এটা প্ৰজন্মৰ জীৱন্ত ইতিহাস। তেওঁৰ সৰলতা, সততা, কৰ্মনিষ্ঠা, আত্মসম্মানবোধ আৰু মানুহৰ প্ৰতি থকা আন্তৰিক ব্যৱহাৰে তেওঁক সকলোৰে প্ৰিয় কৰি তুলিছিল। শাৰীৰিকভাৱে তেওঁ আজি আমাৰ মাজত নাই, কিন্তো তেওঁৰ স্মৃতি, আদৰ্শ, কৰ্মপ্ৰেম আৰু জীৱনদৰ্শন নিতাই দেউৰী গাঁওবাসীৰ হৃদয়ত চিৰদিন জীয়াই থাকিব।
ভগৱানে তেখেতৰ বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক। আৰু পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।
সম্পাদনা আৰু সংৰক্ষণ : SK Deori (www.mydigitalvillage.co.in)