17. দেউৰী স্বায়ত্ত শাসিত পৰিষদ : মোৰ ব্যক্তিগত অভিজ্ঞতা :
সেই দিনা আছিল ০৮/০৫/২০০৫ তাৰিখ। সন্ধিয়াৰ আকাশত ৰঙীন পতাকা উৰিছিল, আন্ধাৰ ফালি জুইৰ ৰঙীন চিটিকনিবোৰে সমগ্ৰ আকাশ আৱৰি ধৰিছিল। কাৰণ সেই দিনা দেউৰী জনগোষ্ঠীৰ ইতিহাসত এক স্মৰণীয় দিন আছিল। “দেউৰী স্বায়ত্ত শাসিত পৰিষদে” অসম চৰকাৰৰ আইনৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।
বহু বছৰৰ সংগ্ৰাম, আন্দোলন, ত্যাগ আৰু আত্মবলিদানৰ অন্তত সেই দিনা দেউৰী জনগোষ্ঠীয়ে এটা নতুন পৰিচয় লাভ কৰিছিল। এই পৰিষদ কেৱল এটা প্ৰশাসনিক প্ৰতিষ্ঠান নাছিল; ই আছিল দেউৰী জনগোষ্ঠীৰ আত্মপৰিচয়, সাংস্কৃতিক অস্তিত্ব আৰু সাংবিধানিক অধিকাৰৰ এক স্বীকৃতি। সেই সময়ত সমগ্ৰ দেউৰী সমাজৰ মাজত এক নতুন আশাৰ সঞ্চাৰ হৈছিল। সকলোৱে বিশ্বাস কৰিছিল যে এই পৰিষদৰ জৰিয়তে সমাজৰ ভাষা, সংস্কৃতি, ঐতিহ্য আৰু ৰাজনৈতিক অধিকাৰ অধিক সুৰক্ষিত হ’ব আৰু উন্নয়নৰ নতুন পথ মুকলি হ’ব।
ময়ো সেই সময়ত আন বহুজনৰ দৰে আশাবাদী আছিলোঁ। সময় বাগৰাৰ লগে লগে পৰিষদৰ কাৰ্যকলাপ, ইয়াৰ গঠন আৰু ভৱিষ্যৎ দিশ সম্পৰ্কে মই গভীৰ আগ্ৰহেৰে লক্ষ্য কৰি আহিছিলোঁ।
এনেদৰে সময় বাগৰি গৈ বহু বছৰ পাৰ হ’ল। ২০২২ চনৰ পৰিষদ নিৰ্বাচনৰ সময়ত কিছুমান বিষয়বস্তুৱে মোৰ মনত গভীৰ চিন্তা, উদ্বেগ আৰু প্ৰশ্নৰ সৃষ্টি কৰিছিল।
ভোটাৰ তালিকা পৰ্যবেক্ষণ কৰাৰ সময়ত মোৰ দৃষ্টিগোচৰ হৈছিল যে আমাৰ অঞ্চলত দেউৰী ভোটাৰতকৈ অনা-দেউৰী ভোটাৰৰ সংখ্যা অধিক আছিল। বিশেষকৈ, গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ফলত আমাৰ কুন্দিল সমষ্টিত তেওঁলোক সংখ্যাগৰিষ্ঠ ভোটাৰ গোষ্ঠী হিচাপে পৰিগণিত হৈছিল।
এই পৰিস্থিতিৰ আঁৰত থকা ইতিহাস জানিবলৈ চেষ্টা কৰি মই জানিব পাৰিছিলোঁ যে পূৰ্বৰ শদিয়া সমষ্টিক দুটা ভাগত বিভক্ত কৰি কুন্দিল সমষ্টি আৰু শদিয়া সমষ্টি গঠন কৰা হৈছিল। এই প্ৰক্ৰিয়াৰ সময়ত অনা-দেউৰী জনগোষ্ঠী, বিশেষকৈ গোৰ্খা সমাজৰ লোকসকলক দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
এই অন্তৰ্ভুক্তিকৰণ কোনো বাহ্যিক শক্তিৰ দ্বাৰা সংঘটিত হোৱা নাছিল; বৰঞ্চ দেউৰী সমাজৰ কিছুমান নেতাই নিজেই এই ব্যৱস্থাক সমৰ্থন আৰু কাৰ্যকৰী কৰিছিল বুলি মোৰ বুজিবলৈ পাইছিলোঁ। তেওঁলোকৰ মূল উদ্দেশ্য আছিল সমষ্টিৰ পৰিসংখ্যা বৃদ্ধি কৰি উন্নয়নমূলক আঁচনি, অধিক অনুদান আৰু চৰকাৰী সুবিধা লাভৰ সুযোগ বৃদ্ধি কৰা।
কিন্তো সময়ৰ লগে লগে এই সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আৰু ফলাফলক লৈ আমাৰ মনত বিভিন্ন প্ৰশ্ন, সংশয় আৰু উদ্বেগৰ সৃষ্টি হৈছিল।
আমাৰ উদ্দেশ্য কেতিয়াও উন্নয়নৰ বিৰোধিতা কৰা নহয়। উন্নয়ন নিশ্চয় সকলোৰে কাম্য আৰু সমাজৰ সামগ্ৰিক অগ্ৰগতিত ইয়াৰ গুৰুত্ব অপৰিসীম। কিন্তো যি স্বায়ত্ত শাসিত পৰিষদ মূলতঃ দেউৰী জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষা, ভাষা, সংস্কৃতি, পৰম্পৰা আৰু ৰাজনৈতিক অধিকাৰ সংৰক্ষণৰ লক্ষ্যৰে গঠন কৰা হৈছিল, সেই পৰিষদত যদি ক্ৰমাৎ মূল জনগোষ্ঠীৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু প্ৰতিনিধিত্ব দুৰ্বল হৈ পৰে, তেন্তে ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ কি হ’ব পাৰে? এই প্ৰশ্নই মোৰ লগতে বহু সচেতন লোকৰ মনত গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি কৰিছিল।
বাস্তৱত এয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ যে আমি নিজৰ অঞ্চলত, নিজৰ ৱাৰ্ডত, নিজৰ পঞ্চায়তত আৰু আনকি নিজৰ স্বায়ত্ত শাসিত পৰিষদতো ক্ৰমাৎ সংখ্যালঘুত পৰিণত হৈছোঁ। এই পৰিস্থিতিয়ে আমাৰ অস্তিত্ব, অধিকাৰ আৰু ভৱিষ্যৎ সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিছিল।
আমি আজি যি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, তাৰ বাবে দায়ী কাৰণসমূহ কি আৰু কেনেকৈ এই অৱস্থাৰ সৃষ্টি হ’ল, সেই সত্য জানি মোৰ মনত গভীৰ ক্ষোভ, বেদনা আৰু আত্মগ্লানিৰ অনুভূতি জন্মিছিল।
তথাপিও এই বিষয়টোত সক্ৰিয়ভাৱে জড়িত হোৱাটো মোৰ বাবে সহজ নাছিল। চাকৰি, কৰ্মজীৱন, পৰিয়াল আৰু ব্যক্তিগত দায়িত্ববোধে মোক বহু কথা ভাবিবলৈ বাধ্য কৰিছিল। তথাপিও সমস্যাটোৰ গুৰুত্ব উপলব্ধি কৰি মোৰ বিশ্বাসী সহপাঠী আৰু বন্ধু-বান্ধৱসকলৰ সৈতে এই বিষয়ত আলোচনা আৰম্ভ কৰিছিলোঁ।
আমি সকলোৱে মিলি সমস্যাটোৰ এক শান্তিপূৰ্ণ, যুক্তিসংগত আৰু গণতান্ত্ৰিক সমাধান বিচাৰি উলিওৱাৰ লক্ষ্যৰে বিভিন্ন ব্যক্তি, সংগঠন আৰু সমাজৰ সচেতন লোকসকলৰ সৈতে মতবিনিময় আৰম্ভ কৰিছিলোঁ।
বিশেষকৈ, আমাৰ গাঁৱৰ গোৰ্খা সমাজৰ কিছুমান সচেতন ব্যক্তি আৰু দায়িত্বশীল লোকৰ সৈতে খোলাখুলিকৈ আলোচনা কৰিছিলোঁ। আমাৰ উদ্দেশ্য কেতিয়াও কোনো সমাজ বা সম্প্ৰদায়ৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা নাছিল; বৰঞ্চ পাৰস্পৰিক সন্মান, বুজাবুজি আৰু সৌহাৰ্দ্যৰ ভিত্তিত সমস্যাটোৰ এক ন্যায়সংগত আৰু গ্ৰহণযোগ্য সমাধান বিচাৰি উলিওৱাই আছিল আমাৰ মূল লক্ষ্য।
সেই সময়ত শদিয়া গোৰ্খা ছাত্ৰ সন্থাৰ কিছুমান বিষয়ববীয়া আৰু গোৰ্খা সমাজৰ বহু সচেতন ব্যক্তিয়ে আমাক আন্তৰিকভাৱে সহযোগিতা আগবঢ়াইছিল। তেওঁলোকে আমাৰ উদ্দেশ্য গুৰুত্বসহকাৰে গ্ৰহণ কৰিছিল, বিভিন্ন আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু সম্ভৱপৰ সকলো সহায়-সহযোগিতা প্ৰদান কৰিছিল। সেইসকল ব্যক্তিৰ প্ৰতি মই আজিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰোঁ।
তেওঁলোকৰ সহযোগিতা কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ নাছিল। তেওঁলোকে নিজৰ সমাজৰ লোকসকলৰ সৈতে বিষয়টো সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছিল আৰু দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা গোৰ্খা ভোটাৰসকলৰ নাম কৰ্তন কৰাৰ দাবীত প্ৰশাসনৰ ওচৰত আবেদন আৰু দাবী উত্থাপন কৰিছিল। আনকি, দাবীসমূহৰ ন্যায়সংগত সমাধান নোহোৱা পৰ্যন্ত ভোট বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলৈও সাজু হৈছিল।
কিন্তো পৰৱৰ্তী সময়ত বহুজনৰ বুজনি, বিভিন্ন মহলৰ আশ্বাস, ৰাজনৈতিক প্ৰভাৱ, আশা আৰু বিশ্বাসৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই পদক্ষেপৰ পৰা আঁতৰি আহে আৰু সেই উদ্দেশ্য পৰিত্যাগ কৰে।
সকলো প্ৰচেষ্টা আৰু আলোচনাৰ পাছতো অনা-দেউৰী ভোটাৰসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ক্ষেত্ৰত কোনো ফলাফল লাভ কৰিব নোৱাৰিলোঁ। সেয়েহে অৱশেষত গণতান্ত্ৰিক পথ বাছি লোৱাৰ বাহিৰে আমাৰ হাতত আন কোনো বিকল্প নাছিল। আমাৰ মতামত, উদ্বেগ আৰু দাবীসমূহ জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াক এক বৈধ আৰু শান্তিপূৰ্ণ মাধ্যম হিচাপে গ্ৰহণ কৰিছিলোঁ।
সেই উদ্দেশ্যে কোনো ৰাজনৈতিক দলৰ আশ্ৰয় নোলোৱাকৈ সম্পূৰ্ণ নিৰ্দলীয়ভাৱে এজনী মহিলা প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱা হৈছিল। আমাৰ বিশ্বাস আছিল যে জনগণে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি নিজৰ বিবেক, বিচাৰ-বুদ্ধি আৰু দায়িত্ববোধৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব।
আমাৰ এই পদক্ষেপ কোনো ব্যক্তি, সমাজ বা সম্প্ৰদায়ৰ বিৰুদ্ধে নাছিল; বৰঞ্চ দেউৰী সমাজৰ ভৱিষ্যৎ, সাংবিধানিক অধিকাৰ আৰু স্বায়ত্ত শাসিত পৰিষদৰ মৌলিক উদ্দেশ্য সম্পৰ্কে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন গণতান্ত্ৰিকভাৱে জনসমাজৰ সন্মুখত উত্থাপন কৰাৰ এক আন্তৰিক প্ৰয়াস আছিল।
কিন্তো আমি ভবাৰ দৰে নিৰ্বাচন ইমান সহজ নাছিল। বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতা, বিধায়ক আৰু মন্ত্ৰীসকলৰ উপস্থিতিয়ে আমাৰ ঐক্য আৰু ৰাজনৈতিক শক্তিক যথেষ্ট দুৰ্বল কৰি তুলিছিল। বিভিন্ন সুবিধা, সুযোগ আৰু ভৱিষ্যতৰ আশাৰ প্ৰতিশ্ৰুতিৰে আমাৰ বহু শুভাকাংক্ষী, সহযোদ্ধা আৰু বন্ধুক আমাৰ পৰা আঁতৰাই নিছিল।
বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমালৈ সহযোগিতা, সুবিধা আৰু সম্ভাৱনাৰ নানা প্ৰস্তাৱ আহিছিল যদিও আমি কোনো দলৰ সৈতে আপোচ কৰাৰ পথ বাছি লোৱা নাছিলোঁ।
আনকি আমি পৰাজয়ৰ সম্ভাৱনাও আগতেই অনুমান কৰিব পাৰিছিলোঁ। তথাপিও পৰাজয়ক কেতিয়াও ভয় কৰা নাছিলোঁ। কাৰণ মোৰ জীৱনত এয়া আছিল ৰাজনীতিৰ ক্ষেত্ৰত প্ৰথম প্ৰত্যক্ষ অভিজ্ঞতা। সেয়েহে এই যাত্ৰাৰ শেষ পৰিণতি দেখাৰ এক গভীৰ আগ্ৰহ মোৰ মনত আছিল। সেই উদ্দেশ্যে মই নিজৰ মূল্যৱান সময়, পৰিশ্ৰম আৰু আৰ্থিক সামৰ্থ্য ব্যয় কৰি নিৰ্বাচনৰ অন্তিম পৰ্যন্ত অটল হৈ আছিলোঁ।
এই সমগ্ৰ যাত্ৰাৰ আন এক স্মৰণীয় দিশ আছিল যে আমাৰ মাজৰ চাৰিজন গোৰ্খা যুৱকে এই ৰাজনৈতিক যাত্ৰাৰ উত্থান-পতনৰ মাজেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত গাড়ীত উঠিবলৈ আৰু একেলগে বহি চাহ পান কৰাৰ বিৰল সৌভাগ্য তেওঁলোকে লাভ কৰিছিল। আমাৰ দৰে এখন সৰু গাঁৱৰ যুৱকৰ বাবে এই অভিজ্ঞতা নিঃসন্দেহে গৌৰৱৰ বিষয় আছিল। তেওঁলোকৰ এই অভিজ্ঞতাই আমাক বহু উৎসাহিত আৰু গৌৰৱান্বিত কৰিছিল।
শেষত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল। আমি পৰাজিত হৈছিলোঁ। যদিও আমাৰ নিজৰ গাঁৱৰ ভোটকেন্দ্ৰত আমি জয়লাভ কৰিছিলোঁ। সেই জয় আমাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ আছিল। ই প্ৰমাণ কৰিছিল যে আমাৰ চিন্তা, উদ্বেগ আৰু যুক্তিৰ সৈতে একাংশ লোকে একমত আছিল। কিন্তো গাঁৱৰ বাহিৰৰ অধিকাংশ ভোটকেন্দ্ৰত আমি অতি সামান্য ভোটহে লাভ কৰিছিলোঁ। ফলাফলটোৱে স্পষ্টভাৱে বুজাই দিছিল যে সমাজৰ সংখ্যাগৰিষ্ঠ অংশই আন এক পথ বাছি লৈছে।
গণতন্ত্ৰত সংখ্যাগৰিষ্ঠৰ মতামত আৰু সিদ্ধান্তই চূড়ান্ত। সেই সিদ্ধান্তক সন্মান জনোৱাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব। সেয়েহে ফলাফল যিয়েই নহওক, আমি তাক সন্মানসহকাৰে গ্ৰহণ কৰিছিলোঁ।
যিসকল ভোটাৰে আমাৰ আদৰ্শ, উদ্বেগ আৰু চিন্তাধাৰাক সমৰ্থন জনাই আমাক ভোট প্ৰদান কৰিছিল, তেওঁলোকৰ প্ৰতি মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সমৰ্থনে আমাক সাহস যোগাইছিল আৰু এই বিশ্বাস দৃঢ় কৰিছিল যে নিজৰ লগতে আনৰ জনগোষ্ঠীৰ ভৱিষ্যৎ, ভাষা, সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰক লৈ চিন্তা কৰা মানুহ আজিও সমাজত আছে।
আজিৰ দিনত এই বিষয়সমূহৰ সৈতে মোৰ কোনো প্ৰত্যক্ষ ভূমিকা নাই। তথাপিও এই অভিজ্ঞতাবোৰ লিপিবদ্ধ কৰি ৰখাটো মোৰ এক নৈতিক দায়িত্ব বুলি অনুভৱ কৰোঁ। কাৰণ ইতিহাস কেৱল জয়ৰ কাহিনী নহয়; ই অভিজ্ঞতা, শিক্ষা, আশা, হতাশা আৰু আত্মসমালোচনাৰো কাহিনী। হয়তো আগন্তুক প্ৰজন্মই এই অভিজ্ঞতাৰ পৰা কিবা শিকিব, কিবা উপলব্ধি কৰিব আৰু ভৱিষ্যতৰ পথ অধিক সুদৃঢ়ভাৱে নিৰ্ধাৰণ কৰিব।
মোৰ ব্যক্তিগত বিশ্বাস হৈছে যে যদি এদিন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ কুন্দিল সমষ্টিত দেউৰী জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক অধিকাৰ বা সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা হেৰুৱাবলগীয়া হয়, তেন্তে সেয়া আমাৰ বাবে এক অত্যন্ত বেদনাদায়ক অধ্যায় হ’ব। কিন্তো সেই পৰিস্থিতিৰ বাবে আমি আন কোনো ব্যক্তি, সমাজ বা জনগোষ্ঠীক দায়ী কৰিব নোৱাৰোঁ। কাৰণ ইতিহাসৰ এই পথ আমি নিজেই গঢ়ি তুলিছোঁ, আৰু ইয়াৰ ফলাফলৰ দায়-দায়িত্বও শেষ পৰ্যন্ত আমাৰ নিজৰ দেউৰী সমাজকেই বহন কৰিব লাগিব।
একেদৰে, ভৱিষ্যতে এই বিষয়ৰ কোনো সিদ্ধান্ত বা পৰিস্থিতিৰ ফলত যদি গোৰ্খা/নেপালী সমাজৰ কোনো ব্যক্তি বা পৰিয়ালৰ কোনো ধৰণৰ লোকচান, অসুবিধা বা সমস্যাৰ সৃষ্টি হয়, তেন্তে তাৰ বাবে নিতাই দেউৰী গাঁৱৰ কোনো ব্যক্তি বা সমগ্ৰ নিতাই দেউৰী গাঁওক জগৰীয়া কৰাটোও উচিত নহ’ব। কাৰণ সেই সময়ত গোৰ্খা সমাজৰ বহু সচেতন ব্যক্তিয়ে বিষয়টো সম্পৰ্কে নিজে আলোচনা কৰিছিল, নিজৰ মতামত প্ৰকাশ কৰিছিল আৰু নিজৰ বিবেচনা অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিছিল।
কোনো পক্ষই নিজৰ বিবেচনা আৰু ইচ্ছাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে, সেই সিদ্ধান্তৰ ফলাফলৰ দায়িত্বও সেই পক্ষই নিজেই বহন কৰিব লাগিব। পিছলৈ কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ সকলো দায়-দায়িত্ব আন এটা সমাজ বা আন কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত জাপি দিয়াটো ন্যায়সংগত নহ’ব।
এই কথা কোৱাৰ অৰ্থ কোনো গোৰ্খা ভাই-ভনীক দোষাৰোপ কৰা নহয়। গোৰ্খা আৰু দেউৰী সমাজৰ মাজত বহুদিনৰ পৰা থকা সামাজিক সম্পৰ্ক, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সহযোগিতাক মই সদায় সন্মান কৰোঁ।ৰাজনীতিৰ কাৰণে আমাৰ মাজত কোনো বিভেদ বা শত্ৰুতা সৃষ্টি নওক, সেয়া মোৰ কামনা ।
মোৰ উদ্দেশ্য কেৱল সেই সময়ত যি ঘটিছিল, আমি কিয় সেই সিদ্ধান্ত লৈছিলোঁ আৰু কোনে কোন সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰিছিল—সেই কথাবোৰ ভৱিষ্যতৰ বাবে লিপিবদ্ধ কৰি ৰখা। যাতে আগন্তোক দিনত কোনোবাই এই ঘটনাবোৰক ভুল ধৰণে ব্যাখ্যা কৰি নিতাই দেউৰী গাঁৱৰ কোনো নিৰ্দোষ ব্যক্তিক দায়ী কৰিব নোৱাৰে।
মোৰ একান্ত কামনা যে দেউৰী স্বায়ত্ত শাসিত পৰিষদে সদায় দেউৰী জনগোষ্ঠীৰ মূল উদ্দেশ্য, আত্মপৰিচয়, ভাষা, সংস্কৃতি আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব। উন্নয়ন আৰু অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাই হওক আমাৰ সন্মিলিত লক্ষ্য।
সময়ৰ সোঁতত বহু কথা সলনি হ’ব পাৰে। মানুহ সলনি হ’ব পাৰে, ৰাজনীতি সলনি হ’ব পাৰে আৰু পৰিস্থিতিও সলনি হ’ব পাৰে। কিন্তো নিজৰ জনগোষ্ঠীৰ অস্তিত্ব, আত্মপৰিচয় আৰু অধিকাৰৰ প্ৰতি থকা দায়বদ্ধতা মোৰ অন্তৰত সদায় অটুট হৈ থাকিব।
— সম্পাদক SK Deori