স্মৃতি নং 18   

স্বৰ্গীয় ৰাম তুলসী ( আলু ) দেউৰীৰ পবিত্ৰ স্মৃতিত : 

স্বৰ্গীয় ৰাম তুলসী (আলু) দেউৰী স্বৰ্গীয় দীহান দেউৰীৰ তৃতীয় সন্তান, মোৰ দ্বিতীয়জন দদাইদেউ আছিল। তেওঁ আছিল এজন অতি মৰমিয়াল, সৰল, শান্ত-স্বভাৱৰ আৰু পৰিশ্ৰমী মানুহ। জীৱনত বহু দুখ-কষ্টৰ মাজেৰে আগবাঢ়িব লগা হৈছিল যদিও পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ তেওঁ সদায় নিষ্ঠাৰে চেষ্টা কৰি গৈছিল।

এদিন তেওঁৰ সৰল জীৱন-যাপন, পৰিশ্ৰম, ত্যাগ আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোধ ওচৰৰ পৰা চোৱাৰ সৌভাগ্য মোৰ হৈছিল।

তেখেতে জীৱনৰ বহু অভিজ্ঞতা মোৰ আগত বৰ্ণনা কৰিছিল। তেওঁ কৈছিল—“এটা সময়ত সুদূৰ লখীমপুৰৰ পৰা আহি আমাৰ পৰিয়ালে এই শদিয়াত ঘন অৰণ্যৰ হাবি-জংঘল কাটি মুকলি কৰি নিজৰ হাতৰ পৰিশ্ৰমেৰে ধান খেতি আৰম্ভ কৰিছিল। কিন্তো সেই জীৱন কেতিয়াও সহজ নাছিল। বনৰীয়া জীৱ-জন্তো আৰু চৰাই-চিৰিকতিয়ে খেতি-পথাৰ নষ্ট কৰাৰ উপৰিও বহু সময়ত ধানৰ খেতি নিজে নিজেই ৰঙা পৰি মৰি গৈছিল।

অন্ধকাৰ নিশাত ঘন জংঘলৰ কাষত অৱস্থিত সৰু গাঁৱত এখন ওখ জোপুৰী ঘৰেই আছিল আমাৰ একমাত্ৰ আশ্ৰয়। ঘৰৰ তলত আছিল আমাৰ জীৱিকাৰ মূল ভৰসা—প্ৰাণৰ গৰু হাল। নিশা ধুমুহা-বতাহ, ডাৱৰৰ গাজনি আৰু মুষলধাৰ বৰষুণৰ টোপালবোৰে ঘৰখনৰ চাঙৰ ওপৰত আৰু গছৰ পাত বিলাকত পৰি সৃষ্টি কৰা শব্দই সকলোকে উৎকণ্ঠিত কৰি তুলিছিল। প্ৰতিটো নিশাই কেতিয়া কি বিপদ আহে তাৰ কোনো নিশ্চয়তা নাছিল।

কেতিয়াবা সময়ত পুৱা গোৱালীলৈ গৈ প্ৰাণৰ গৰু হালক জীৱন্ত দেখা পোৱাৰ সৌভাগ্যও নাছিল। বনৰীয়া জন্তোৰ আক্ৰমণ, ৰোগ-বেমাৰ অথবা আন কোনো দুৰ্ভাগ্যজনক কাৰণত কেতিয়াবা কোনো গৰু মৃত অৱস্থাত পৰি থকা দৃশ্যও চাবলগীয়া হৈছিল। সেই সময়ৰ প্ৰতিটো দিনেই আছিল জীৱনৰ সৈতে এক কঠিন সংগ্ৰাম।

এনে অসংখ্য দুখ-কষ্ট, অনিশ্চয়তা আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁ কেতিয়াও সাহস হেৰুৱোৱা নাছিল। নিজৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অদম্য মনোবলেৰে পৰিয়ালটোক আগুৱাই নিয়াৰ বাবে আজীৱন সংগ্ৰাম কৰি গৈছিল।


 



এনে বহু কঠিন পৰিস্থিতিৰ মাজতো স্বৰ্গীয় আলু দদাইদেউৱে আমাক পোহপাল কৰিছিল আৰু পৰিয়ালটোক আগুৱাই নিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল।

দৰিদ্ৰতাই জৰ্জৰিত কৰি ৰখা ঘৰখন বচাই ৰাখিবলৈ তেওঁ জীৱনজুৰি অক্লান্ত পৰিশ্ৰম কৰিছিল। জীৱনৰ বহু কঠিন পৰিস্থিতিৰ মাজতো তেওঁ কেতিয়াও অসৎ পথ বাছি লোৱা নাছিল। দুখীয়া আছিল যদিও আনৰ ক্ষতি হোৱা কোনো কাম বা অন্যায়ৰ পথ কেতিয়াও অনুসৰণ কৰা নাছিল। সৰল জীৱন, সৎ মন, কঠোৰ পৰিশ্ৰম আৰু পৰিয়ালৰ প্ৰতি থকা গভীৰ দায়িত্ববোধেই আছিল তেওঁৰ প্ৰকৃত পৰিচয়।

জীৱনৰ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অৱশেষত ২০২১ চনত তেওঁ এই পৃথিৱীৰ মায়া এৰি চিৰবিদায় লয়। মৃত্যুৰ সময়ত তেওঁ নিজৰ মৰমৰ পত্নী, এজন পুত্ৰ—শ্ৰী ইদু দেউৰী আৰু তিনিজনী জীয়ৰীক এৰি থৈ যায়।

সময় বাগৰি গৈছে, কিন্তো তেওঁ আমাৰ হৃদয়ৰ পৰা কেতিয়াও আঁতৰি যোৱা নাই। আজিও তেওঁ আমাৰ স্মৃতি, শিক্ষা, আদৰ্শ আৰু অনুভৱৰ মাজত সমানে জীয়াই আছে আৰু আগলৈও জীয়াই থাকিব। তেখেতৰ পবিত্ৰ আৰু অমৰ আত্মাৰ চিৰশান্তি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি আৰু চিৰকৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।    সংকলন আৰু সম্পাদনা : SK Deori