স্মৃতি নং 14 

স্বৰ্গীয়া বিমলা বুঢ়াগোহাঁই দেউৰীৰ পবিত্ৰ স্মৃতিত : 

আমাৰ ঘৰ আৰু গাঁৱৰ কৰ্মঠ, সাহসী, দয়ালু আৰু সমাজ-সচেতন মহিলাসকলৰ ভিতৰত স্বৰ্গীয়া বিমলা বুঢ়াগোহাঁই দেউৰীয়ে এক সুকীয়া স্থান অধিকাৰ কৰি গৈছে ।  ১৯৮২ চনৰ জানুৱাৰী মাহত এক সাধাৰণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। যদিও তেওঁ সৰল আৰু সাধাৰণ জীৱন-যাপন কৰিছিল, তথাপিও তেওঁৰ চিন্তা-চেতনা আছিল অসাধাৰণ। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত তেওঁ মানৱতা, একতা আৰু সম্প্ৰীতিক সৰ্বাধিক গুৰুত্ব দিছিল। পৰিয়ালৰ সুখ-দুখ, সমাজৰ কল্যাণ আৰু আনৰ উপকাৰৰ বাবে তেওঁ সদায় আন্তৰিকতাৰে আগবাঢ়ি আহিছিল। দুখ-কষ্ট, অভাৱ-অনাটন আৰু জীৱনৰ নানা প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁ কেতিয়াও নিজৰ মুখৰ হাঁহি ম্লান হ'ব নিদিছিল।

২০০৩ চনত মোৰ তৃতীয় দাদা শ্ৰী লাঠুৰাম দেউৰীৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। বিবাহৰ পিছত তেওঁ সংসাৰৰ সকলো দায়িত্ব মৰম, আন্তৰিকতা আৰু কৰ্মনিষ্ঠাৰে পালন কৰিছিল। কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো কাম তেওঁ অক্লান্তভাৱে সম্পাদন কৰিছিল। নিজৰ সুখ-সুবিধাৰ কথা কেতিয়াও আগত নাৰাখি পৰিয়ালৰ মংগলৰ বাবেই তেওঁ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ সাহস, সহনশীলতা আৰু ত্যাগৰ মনোভাৱে বহুজনৰ হৃদয় জয় কৰিছিল।

তেওঁ ওচৰৰ গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰত কৰ্মৰত আছিল। নিজৰ দায়িত্ব তেওঁ নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে পালন কৰিছিল। শিশু, মহিলা আৰু সমাজৰ সাধাৰণ মানুহৰ সৈতে তেওঁ সদায় সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁ কেৱল এগৰাকী কৰ্মনিষ্ঠ অংগনৱাড়ী কৰ্মীয়েই নাছিল, বৰঞ্চ উদাৰ মনৰ, দূৰদৰ্শী আৰু সমাজমুখী এগৰাকী নাৰী আছিল।

তেওঁৰ অন্তৰত সদায় এখন সুন্দৰ সমাজ গঢ়াৰ সপোন জীয়াই আছিল। তেওঁ বিশ্বাস কৰিছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, সংস্কৃতি আৰু জনজাতীয় সমাজৰ মাজত পাৰস্পৰিক সন্মান, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তুলিব পাৰিলেহে অঞ্চলটোৰ স্থায়ী উন্নয়ন আৰু শান্তি নিশ্চিত হ'ব। সেইবাবেই তেওঁ য'তেই সুযোগ পাই মানুহৰ মাজত একতা, পাৰস্পৰিক সন্মান আৰু সমন্বয় গঢ়ি তোলাৰ বাবে সদায় উৎসাহিত কৰিছিল।ভাষা বেলেগ হ'ব পাৰে, সংস্কৃতি বেলেগ হ'ব পাৰে, কিন্তো হৃদয়ৰ সম্পৰ্ক আৰু মানৱতাৰ বন্ধনেই সকলোতকৈ ডাঙৰ—এই বিশ্বাস তেওঁ জীৱনৰ শেষ মুহূৰ্তলৈকে বুকুত কঢ়িয়াই ফুৰিছিল। যদিও এই মহৎ সপোন বাস্তৱায়িত হোৱা দেখা নাপালে, তথাপিও তেওঁৰ এই উদাৰ চিন্তাধাৰাই আজিও আমাৰ মনত গভীৰ অনুপ্ৰেৰণা জগাই তোলে।

জীৱনৰ সুন্দৰ সময়ত, মাত্ৰ ৩২ বছৰ বয়সতে, তেওঁ এটা দীঘলীয়া বেমাৰত আক্ৰান্ত হয়। শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিলেও তেওঁ মানসিকভাৱে কেতিয়াও ভাঙি পৰা নাছিল । ধৈৰ্য, সাহস আৰু ঈশ্বৰৰ ওপৰত অগাধ বিশ্বাসেৰে তেওঁ জীৱনৰ সৈতে যুঁজ দি গৈছিল।

কিছু বছৰ পিছত স্বাস্থ্যৰ কিছু উন্নতি ঘটাত পৰিয়ালটোলৈ যেন পুনৰ আশাৰ পোহৰ আহিল। দ্বিতীয় পুত্ৰ সন্তানৰ জন্ময়ে ঘৰখন আনন্দেৰে ভৰি পৰিল। কিন্তো নিয়তিয়ে সেই সুখ বেছি দিন স্থায়ী হ'ব নিদিলে। দ্বিতীয় সন্তান জন্মৰ মাত্ৰ এটা মাহ পিছতেই, ২০১৪ চনৰ ১১ জুলাই তাৰিখে তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় লয়।

মৃত্যুৰ সময়ত তেওঁ নিজৰ মৰমৰ স্বামী, দুই পুত্ৰ শ্ৰী হীমু দেউৰী আৰু শ্ৰী গাৰোশ দেউৰী, লগতে কণমানি কন্যা জেছমিনা দেউৰীক এৰি থৈ যায়। তেওঁৰ অকাল বিয়োগে কেৱল পৰিয়ালকেই নহয়, আত্মীয়-স্বজন, গাঁওবাসী আৰু পৰিচিত সকলোকে গভীৰ শোকত নিমজ্জিত কৰিছিল। বিশেষকৈ মাতৃৰ মৰমৰ বাবে অপেক্ষা কৰি থকা সৰু সৰু সন্তানকেইটাক এৰি তেওঁ গুচি যোৱাটো আজিও আমাৰ হৃদয়ত অপূৰণীয় বেদনা হৈ ৰৈছে।

আজিও তেওঁ শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তো তেওঁৰ সৰলতা, পৰিশ্ৰম, ত্যাগ, কৰ্মনিষ্ঠা, উদাৰ মানসিকতা আৰু মানৱতাৰ আদৰ্শ আমাৰ হৃদয়ত চিৰজীৱী হৈ থাকিব। তেওঁৰ জীৱন আমাক শিকাই যায় যে মহান হ'বলৈ ধন-সম্পদৰ প্ৰয়োজন নহয়; প্ৰয়োজন হয় এখন বিশাল হৃদয়, সৎ উদ্দেশ্য আৰু আনৰ মংগলৰ বাবে চিন্তা কৰিব পৰা মানসিকতা।

স্বৰ্গীয়া বিমলা বুঢ়াগোহাঁই দেউৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁৰ জীৱনৰ আদৰ্শ, একতাৰ বাণী আৰু মানৱতাৰ মূল্যবোধ আগন্তোক প্ৰজন্মৰ বাবে সদায় এক উজ্জ্বল অনুপ্ৰেৰণা হৈ ৰ'ব। 

— SK Deori