স্মৃতি নং 10 . স্বৰ্গীয় কলিয়া দেউৰীৰ পবিত্ৰ স্মৃতিত :
স্বৰ্গীয় কলিয়া দেউৰী আছিল স্বৰ্গীয় সত্যবান(দুনদুলা) দেউৰীৰ তৃতীয় সন্তান । তেওঁ নিতাই দেউৰী গাঁওৰ এজন সহজ-সৰল আৰু সাধাৰণ ব্যক্তি আছিল।
সমাজত কিছুমান মানুহ থাকে, যিসকল কম লিখা-পঢ়া আৰু বাহিৰৰ দৃষ্টিত একেবাৰে সাধাৰণ যেন লাগে কিন্তো আচলতে তেওঁলোকৰ উপস্থিতিৰ বাবেই গাঁও এখনৰ সংস্কৃতি, মৰ্যাদা, আন্তৰিকতা আৰু মানৱীয় মূল্যবোধ জীয়াই থাকে। গাঁওখনৰ বহুতে হয়তো তেওঁলোকৰ অৱদান শব্দৰে প্ৰকাশ নকৰে, কিন্তো তেওঁলোকৰ নীৰৱ অৱদান সমাজৰ বুকুত চিৰদিন জীয়াই থাকে।
স্বৰ্গীয় কলিয়া দেউৰী তেনেকুৱা এজন নীৰৱ অথচ গভীৰভাৱে শ্রদ্ধাৰ পাত্ৰ মানুহ আছিল। নিঃস্বাৰ্থভাৱে মানুহক ভাল পোৱা স্বৰ্গীয় কলিয়া দেউৰী আজি আমাৰ মাজত নাই। তেওঁৰ মৃতু হৈছিল ১২-১১-২০১৫ তাৰিখত ,তেওঁৰ মৃতু আজি বহু বছৰ পাৰ হৈ গ’ল যদিও, নিজৰ পৰিয়ালৰ লগতে গাঁওখনৰ বহু মানুহৰ মনত তেওঁ আজিও সজীৱ স্মৃতি হৈ আছে।
ডেকা সময়ৰে পৰা গাঁওখনৰ সুখ-দুখৰ প্ৰতিটো মুহূৰ্তত নীৰৱভাৱে কাষত থিয় দিয়া সেই মানুহজন সময়ৰ লগে লগে সকলোৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল। বিহু সংস্কৃতি হওক, সামাজিক অনুষ্ঠান হওক বা দুখৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা — প্ৰতিটো ক্ষেত্ৰতে তেওঁ নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিছিল।
মানুহৰ বিপদ-আপদত কাষত থিয় দিয়া, শেষ মুহূৰ্ততো সহায় কৰিবলৈ আগবাঢ়ি যোৱা আৰু নিজৰ ব্যক্তিগত সুবিধাতকৈ সমাজ বা আনৰ কামক অধিক গুৰুত্ব দিয়া তেওঁৰ সেই সহজ-সৰল স্বভাৱ আজিও বহুতে গভীৰ শ্রদ্ধাৰে স্মৰণ কৰে। আজিৰ সময়ত তেনেকুৱা আন্তৰিক আৰু নীৰৱভাৱে সমাজৰ বাবে কাম কৰা মানুহ সচৰাচৰ বহু কম দেখা যায়।
তেওঁ হয়তো কোনো ডাঙৰ পদবীৰ ব্যক্তি নাছিল, কিন্তো গাঁওখনৰ বহু স্মৃতি, বহু অনুষ্ঠান আৰু বহু নীৰৱ মুহূৰ্তত তেওঁৰ উপস্থিতি আজিও অনুভৱ কৰা যায়। কিছুমান মানুহ শাৰীৰিকভাৱে আঁতৰি গ’লেও, তেওঁলোকৰ সহায়, মৰম, আন্তৰিকতা আৰু ব্যৱহাৰ গাঁওখনৰ বতাহত বহুদিন জীয়াই থাকে।
স্বৰ্গীয় কলিয়া দেউৰী মৃতুৰ সময়ত মৰমৰ পত্নী শ্ৰী মতী মল্লিকা দেউৰী, এজন পুএ সন্তান শ্ৰী মাধুৰ্য্য দেউৰী আৰু তিনি জনী ছোৱালীক এৰি চিৰবিদায় লয় । তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি গভীৰ শ্রদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সম্পাদনা আৰু সংৰক্ষণ - SK Deori (www.mydigitalvillage.co.in)
ফটো, পৰিচয় প্ৰদানকাৰী :
শ্ৰী মতী মল্লীকা দেউৰী
(পত্নী স্বৰ্গীয় কলীয়া দেউৰীৰ )