স্মৃতি নং 18
স্বৰ্গীয় জবেন দেউৰীৰ পবিত্ৰ স্মৃতি :
স্বৰ্গীয় জবেন দেউৰী মোৰ দেউতাৰ প্ৰথম ভাতৃ , মোৰ জ্যেষ্ঠ দদাইদেউ আছিল । পিতা স্বৰ্গীয় দিহান দেউৰী মাতৃ স্বৰ্গীয়া জাবলী দেউৰী ।
সৰল, শান্ত আৰু নীৰৱ জীৱন যাপন কৰা এইজন মহৎ মানুহে সংসাৰৰ মায়াপাশৰ পৰা আঁতৰত থাকি চিৰকুমাৰ হৈয়েই সমগ্ৰ জীৱন পাৰ কৰি দিছিল।
প্ৰায় 55 বছৰ বয়সত তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় লয়। কিন্তো তেওঁৰ বিদায়ৰ সেই শেষ মুহূৰ্ত আজিও মোৰ মনত গভীৰভাৱে জীয়াই আছে।
সময় আছিল ২০০৪ চন , ৰাতিপুৱা প্ৰায় ৩ টা বজাৰ সময়ত তেওঁ ঘৰৰ মানুহখিনিক শুই থকাৰ পৰা জগাই অতি শান্তভাৱে এগিলাচ পানী খুজি গ্ৰহণ কৰিছিল। তাৰ পিছত অতি নীৰৱ স্বৰেৰে তিনিবাৰ “নাৰায়ণ, নাৰায়ণ, নাৰায়ণ” বুলি উচ্চাৰণ কৰে। ভগৱানৰ নাম উচ্চাৰণ কৰাৰ কিছু মুহূৰ্ত পিছতেই তেওঁ ধীৰে ধীৰে চকু মুদি চিৰদিনৰ বাবে নীৰৱ নিদ্ৰালৈ গুচি যায়।
সেই মুহূৰ্তত নাছিল কোনো চিঞৰ-বাখৰ, নাছিল কোনো অস্থিৰতা। চাৰিওফালে মাত্ৰ এক অপূৰ্ব নীৰৱতা আৰু শান্তি অনুভৱ হৈছিল, য’ত আমি সহপৰিয়াল কেৱল নীৰৱ সাক্ষী হৈ ৰৈছিলোঁ। মোৰ সমগ্ৰ জীৱনত এনেকুৱা এক পবিত্ৰ আৰু শান্তিপূৰ্ণ মৃত্যু মই কেতিয়াও দেখা নাই।
সেই অভূতপূৰ্ব দৃশ্য আজিও স্মৃতিৰ মাজেৰে মোৰ মনত গভীৰভাৱে জীয়াই আছে।
তেখেতৰ পবিত্ৰ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। সম্পাদনা — SK Deori (mydigitalvillage.co.in)