স্মৃতি নং 13 . স্বৰ্গীয় স্বৰ্গীয় দেবা হাং লিম্বু পবিত্ৰ স্মৃতিত :
স্বৰ্গীয় দেবাহাং লিম্বু, স্বৰ্গীয় কামাহাং লিম্বু আৰু স্বৰ্গীয়া বুদ্ধ মায়া লিম্বুৰ দ্বিতীয় সুযোগ্য সন্তান, ১৯৩৫ চনত তেজপুৰৰ এখন ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰিছিল। শৈশৱৰ পৰাই তেওঁ পৰিশ্ৰম, সততা আৰু সাহসক জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। সীমিত সুযোগ-সুবিধাৰ মাজতো তেওঁ দৃঢ় মনোবল আৰু অদম্য অধ্যৱসায়েৰে জীৱনৰ প্ৰতিটো বাধা অতিক্ৰম কৰি আগবাঢ়ি গৈছিল।
মাত্ৰ ২২ বছৰ বয়সত উন্নত জীৱনৰ সন্ধানত তেওঁ নিজ জন্মভূমি এৰি ওলাই আহে। জীৱন-জীৱিকাৰ সন্ধানত প্ৰথমে তিনিচুকীয়া জিলাৰ ন-পুখুৰী অঞ্চলত প্ৰায় তিনি বছৰ বসবাস কৰে। তাৰ পিছত ধলা হাতীঘুলি নামৰ ঠাইত স্থায়ীভাৱে বসতি স্থাপন কৰে। তাত থকা সময়ছোৱাতেই তেওঁ স্বৰ্গীয়া মঙ্গল মায়া লিম্বুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু সংসাৰ জীৱনৰ শুভ সূচনা কৰে। দুয়োজনে মিলি কষ্ট, ত্যাগ আৰু অধ্যৱসায়ৰ মাজেৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল।
তেওঁলোকৰ সংসাৰ জীৱন আছিল আদৰ্শ, মৰম আৰু পাৰস্পৰিক সহযোগিতাৰ এক উজ্জ্বল নিদৰ্শন। এই দম্পতীৰ তিনিজন সুযোগ্য সন্তান হৈছে— শ্ৰী চেৰহাং লিম্বু, শ্ৰী এমহাং লিম্বু আৰু শ্ৰী বুদ্ধাহাং লিম্বু। সন্তানসকলক সৎ, পৰিশ্ৰমী, শৃংখলাবদ্ধ আৰু সমাজমুখী নাগৰিক হিচাপে গঢ়ি তোলাত পিতৃ-মাতৃ দুয়োৰে অৱদান আছিল অতুলনীয়। তেওঁলোকৰ আদৰ্শ, ত্যাগ আৰু নৈতিক শিক্ষাই সন্তানসকলৰ জীৱন গঢ় দিয়াত বিশেষ ভূমিকা পালন কৰিছে।
ধলা হাতীঘুলি গাঁৱত প্ৰায় তিনি বছৰ বসবাস কৰাৰ পিছত বানপানীৰ সমস্যাই জীৱন দুৰ্বিসহ কৰি তোলাত তেওঁ পৰিয়ালসহ শদিয়াৰ ১ নং নপতিয়া লিম্বু গাঁৱলৈ গুচি আহে। সেই সময়ত এই অঞ্চলটোৰ নাম আছিল শদিয়া মৌজা (মিচিমি পাহাৰ খণ্ড) অঞ্চলটোৰ অধিকাংশ অংশই ঘন জংঘল আৰু জনবসতিহীন আছিল। অদম্য সাহস, কষ্টসহিষ্ণুতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত তেওঁ নিজ হাতে জংঘল কাটি বসবাসৰ উপযোগী পৰিৱেশ গঢ়ি তোলে। ঘৰ-বাৰী নিৰ্মাণ, কৃষিভূমি প্ৰস্তুত কৰা আৰু
নতুন বসতি স্থাপন কৰাত তেওঁৰ অৱদান আছিল অতুলনীয়। ১নং নপতিয়া লিম্বু গাঁৱৰ প্ৰতিষ্ঠা আৰু বিকাশৰ ইতিহাসত তেওঁৰ নাম সন্মানেৰে স্মৰণ কৰা হয়। সমাজৰ কল্যাণ আৰু গাঁওবাসীৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৬৫-১৯৬৭ চনৰ সময়ছোৱাত গাঁওবাসীৰ জীৱন আৰু ইস্তাৱৰ-অস্তাৱৰ সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ আদালতৰ দ্বাৰস্থ হৈছিল। ন্যায়ৰ পক্ষত দৃঢ়তাৰে থিয় দি তেওঁ আইনী যুঁজত সফলতা লাভ কৰিছিল। তেওঁৰ এই পদক্ষেপে গাঁওবাসীৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে সমাজত ন্যায়বোধ, সাহস আৰু একতাৰ উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছিল। সেই ঘটনাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দলিল-পত্ৰসমূহ আজিও তেওঁৰ পৰিয়ালৰ সংৰক্ষণত আছে।
স্বৰ্গীয় দেবাহাং লিম্বুৰ সমাজপ্ৰেম আৰু উদাৰতাৰ আন এক স্মৰণীয় নিদৰ্শন হৈছে ২০০৩ চনত গ্ৰহণ কৰা মহান সিদ্ধান্ত। নিতাই দেউৰী গাঁও আৰু ১ নং নপতিয়া লিম্বু গাঁৱৰ ৰাজহুৱা খেলপথাৰৰ সুবিধাৰ বাবে তেওঁ নিজৰ ৪ বিঘা মাটি অতি সামান্য মূল্যৰ বিনিময়ত প্ৰদান কৰিছিল। ব্যক্তিগত লাভ-লোকচানৰ ঊৰ্ধ্বত উঠি সমাজৰ বৃহত্তৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ এই সিদ্ধান্তে তেওঁৰ মহানুভৱতা, উদাৰতা আৰু জনহিতৈষী মনোভাৱৰ পৰিচয় বহন কৰে। আজিও নিতাই দেউৰী গাঁও আৰু ১ নং নপতিয়া লিম্বু গাঁৱৰ বহু লোকে সেই খেলপথাৰত খেল-ধেমালি কৰাৰ লগতে বহু শিশু-কিশোৰে হাঁহি-ধেমালিৰে উমলি ডাঙৰ-দীঘল হৈ আহিছে।
তেওঁ আছিল এজন সৎ, ন্যায়পৰায়ণ, পৰোপকাৰী আৰু সমাজমুখী ব্যক্তি। গাঁওৰ যিকোনো সমস্যা বা জনস্বাৰ্থজড়িত বিষয়ত তেওঁ সদায় আগবাঢ়ি আহিছিল। সমাজৰ উন্নতি, শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ জীৱন আৰু কৰ্মই নতুন প্ৰজন্মক কৰ্তব্যনিষ্ঠা, সাহস, সততা আৰু সমাজসেৱাৰ শিক্ষা দিয়ে।
২০১৫ চনত নিজ গৃহতে তেওঁৰ জীৱনযাত্ৰাৰ অন্ত পৰে। কিন্তো মৃত্যুৱে তেওঁৰ স্মৃতি আৰু কৰ্মৰাজীক কেতিয়াও মচি পেলাব নোৱাৰে। তেওঁৰ ত্যাগ, সততা, সাহস আৰু সমাজৰ প্ৰতি থকা অসীম ভালপোৱা চিৰদিন পৰিয়াল, আত্মীয়-স্বজন আৰু সমাজৰ হৃদয়ত জীয়াই থাকিব। আগন্তক প্ৰজন্মই তেওঁৰ জীৱনসংগ্ৰাম, কৰ্মনিষ্ঠা আৰু সমাজসেৱাৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা লাভ কৰি মানৱতা আৰু সমাজকল্যাণৰ পথত আগবাঢ়ি যাব।
আজি স্বৰ্গীয় দেবাহাং লিম্বু আৰু স্বৰ্গীয়া মঙ্গল মায়া লিম্বু আমাৰ মাজত শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও, তেওঁলোকৰ ত্যাগ, আদৰ্শ, স্নেহ আৰু সমাজৰ বাবে আগবঢ়োৱা অৱদান ১নং নপতিয়া লিম্বু গাঁৱৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব। তেওঁলোকৰ পবিত্ৰ স্মৃতিলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।
স্বৰ্গীয় দেবাহাং লিম্বু আৰু স্বৰ্গীয়া মঙ্গল মায়া লিম্বুৰ পবিত্ৰ আত্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
সম্পাদনা আৰু সংৰক্ষণ : SK Deori (www.mydigitalvillage.co.in)
ফটো, পৰিচয় আৰু কাহিনী বৰ্ণনা প্ৰদানকাৰী :
শ্ৰী এমহাং লিম্বু
(২য় পুত্ৰ, স্বৰ্গীয় দেবাহাং লিম্বুৰ)