স্মৃতি নং  24 . স্বৰ্গীয় সুৰেন্দৰ  দেউৰীৰ পবিত্ৰ স্মৃতিত :  

স্বৰ্গীয় সুৰেন্দৰ দেউৰীৰ পিতা আছিল  স্বৰ্গীয়   ইপাচিন দেউৰী,  তেওঁৰ জীৱন আছিল নীৰৱ সংগ্ৰাম, দায়িত্ব আৰু মৰমেৰে গঢ়া এখন সাধাৰণ অথচ গভীৰ জীৱনৰ কাহিনী। তেওঁ এনেকুৱা এক সময়ত জন্মগ্ৰহণ কৰিছিল, যি সময়ত ভিতৰুৱা গাঁৱৰ বহু শিশুৰ জন্ম তাৰিখ লিখি ৰখাৰ প্ৰচলন নাছিল। সেয়েহে তেওঁৰ জন্মৰ সঠিক তাৰিখ আজিও অজ্ঞাত হৈ ৰ’ল। অনুমান কৰা হয় যে তেওঁ  প্ৰায় 1941 চনত লখিমপুৰ জিলাৰ, কিনাপঠাৰ নামৰ গাঁৱত জন্মগ্ৰহণ হৈছিল। 

সেই সময়ত জীৱন সহজ নাছিল , যাতায়তৰ কোনো সুবিধা নাছিল, যোগাযোগ ব্যৱস্থাও নাছিল। কিন্তো  জীৱনৰ  দায়িত্ব আৰু ভাগ্যৰ সন্ধানে তেওঁক বহু নৈ, বহু ঘাট, বহু অচিন পথ পাৰ কৰাই আনিলে শদিয়ালৈ। হয়তো বুকুত বহু সপোন আছিল, হয়তো এখন ভাল জীৱন গঢ়াৰ আকাঙ্ক্ষা আছিল।

লখিমপুৰৰ মাটিৰ পৰা আৰম্ভ হোৱা তেওঁৰ জীৱনৰ পথ এদিন আহি শদিয়াৰ নিতাই দেউৰী গাঁৱত  নিজৰ ঘৰ-সংসাৰ গঢ়িলে, জীৱনৰ দুখ-কষ্টৰ মাজতেও পৰিয়ালক আগবঢ়াই নিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। খেতি-বাতি, কঠোৰ পৰিশ্ৰম আৰু সততাৰে তেওঁ নিজৰ সন্তান-সন্ততিক জীৱনৰ আশ্ৰয় দিব বিচাৰিছিল। কিন্তো

জীৱনে তেওঁক হয়তো বেছি সময় নিদিলে। বহু সপোন আধৰুৱা হৈ ৰ’ল, বহু আশা বুকুৰ মাজতেই নিঃশব্দে থমকি গ’ল। তেওঁৰ মৃত্যুৰ সঠিক তাৰিখ বা চন আজিও নিশ্চিতকৈ ক’ব পৰা নাযায়। তেখেতৰ পৰিয়ালৰ লগত কোনো আলোকচিত্ৰ বা ফটু নাই , কোনো লিখিত ইতিহাস নাই। অনুমান কৰা হয় যে 1994 চনৰ আশে-পাশে শদিয়াৰ নিতাই দেউৰী গাঁৱত তেওঁৰ মৃত্যু হৈছিল। 

কিন্তো এজন মানুহৰ অস্তিত্ব কেৱল ফটো বা লিখিত কাগজত সীমাবদ্ধ নহয়। এজন মানুহ বাচি থাকে তেওঁৰ কৰ্মত, তেওঁৰ মৰমত, তেওঁৰ এৰি যোৱা পৰিয়ালত। তেওঁ পৃথিৱীত নিজৰ চিন স্বৰূপে দুই পুত্ৰ — লোহিত দেউৰী আৰু ললিকান্ত দেউৰী — লগতে ৯ জনী জীয়াৰীক এৰি থৈ গৈছে। আজিও তেওঁলোকৰ মাজতেই তেওঁৰ স্মৃতি, আদৰ্শ আৰু জীৱনৰ সংগ্ৰাম জীয়াই আছে।

এজন মানুহ, যাৰ জন্মৰ তাৰিখ নাই, মৃত্যুৰ সঠিক চন তাৰিখ নাই, কোনো ছবি নাই — তথাপিও তেওঁ হেৰাই যোৱা নাই। কাৰণ তেওঁ পৃথিৱীত নিজৰ চিন স্বৰূপে এৰি গৈছে এখন পৰিয়াল, সন্তান-সন্ততিৰে ভৰা এক জীৱন্ত বংশধাৰা, আৰু এক নীৰৱ ইতিহাস; যি ইতিহাস আজিও মানুহৰ স্মৃতি আৰু হৃদয়ত জীয়াই আছে। তেখেতৰ আত্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভগৱানৰ ওচৰত চিৰশান্তি কামনা কৰিছোঁ। —

সম্পাদনা    SK Deori