স্মৃতি নং 5. স্বৰ্গীয় কুলাই সিং দেউৰীৰ স্মৃতি :
স্বৰ্গীয় কুলাই সিং দেউৰী স্বৰ্গীয় ৰম সিং দেউৰী আৰু স্বৰ্গীয়া কঙলাই দেউৰীৰ কনিষ্ঠ পুএ আছিল । তেখেত নিতাই দেউৰী গাঁৱৰ এগৰাকী সন্মানীয়, পৰিশ্ৰমী আৰু সমাজৰ উন্নয়নৰ বাবে সদায় আগবাঢ়ি থকা ব্যক্তি আছিল। স্বৰ্গীয় কুলাই সিং দেউৰী নিতাই দেউৰী গাঁও খন স্থাপন কৰা মুখ্য ব্যক্তিসকলৰ মাজৰ এজন আছিল আৰু গাঁওখন গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতৰ অৱদান উল্লেখযোগ্য আছিল।
নিতাই দেউৰী গাঁওখনৰ আৰম্ভণিৰ সময়ত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল যদিও কুলাই সিং দেউৰীয়ে সাহস, পৰিশ্ৰম আৰু দৃঢ় মনোবলে সেই সকলো বাধা অতিক্ৰম কৰি গাঁওখনৰ উন্নয়নৰ বাবে কাম কৰিছিল। তেখেতৰ নেতৃত্ব আৰু অৱদানৰ ফলত গাঁওখন ধীৰে ধীৰে উন্নয়নৰ পথত আগবাঢ়িছিল।
তেখেত খেতি-বাতি আৰু ব্যৱসায়-বাণিজ্যত গাঁৱৰ ভিতৰত অন্যতম আগবঢ়া ব্যক্তি আছিল। কঠোৰ পৰিশ্ৰম, সততা আৰু বুদ্ধিমত্তাৰ জৰিয়তে তেখেত আৰ্থিকভাৱে শক্তিশালী আৰু স্বাৱলম্বী হৈছিল। তেখেতৰ কৰ্ম জীৱনধাৰা গাঁওখনত এক সুকীয়া আৰু সন্মানীয় অস্তিত্ব গঢ়ি তুলিছিল। তেখেত আন বহু লোকৰ বাবে অনুপ্ৰেৰণা আছিল।
তেখেত এজন দয়ালু আৰু উদাৰ মনৰ ব্যক্তি আছিল। অসহায়, দৰিদ্ৰ আৰু সমস্যাত পৰাসকলক সহায় কৰিবলৈ তেখেত সদায় আগবাঢ়ি আহিছিল। তেখেতে বহু সময়ত আৰ্থিক সহায়, খাদ্য দান আৰু বিভিন্ন ধৰণৰ অনুদান আগবঢ়াই মানুহৰ কাষত থিয় দিছিল।
সমাজ আৰু মানৱতাৰ প্ৰতি তেখেতৰ গভীৰ দায়িত্ববোধ আছিল। সেইকাৰণে গাঁওবাসীৰ মাজত তেখেত এজন সন্মানীয় ব্যক্তি হিচাপে পৰিচিত আছিল।
2017 চনত স্বৰ্গীয় কুলাই সিং দেউৰী আৰু স্বৰ্গীয়া পকাইচি দেউৰীৰ মৃতু হৈছিল । আজিও কুলাইচন দেউৰী আৰু তেখেতৰ ধৰমপত্নীৰ কৰ্ম, ত্যাগ আৰু অৱদান নিজৰ পৰিয়ালৰ লগতে গাঁওবাসীৰ মনত স্মৰণীয় হৈ আছে। তেখেতৰ জীৱন আৰু আদৰ্শ আগন্তোক প্ৰজন্মৰ বাবে সদায় এক অনুপ্ৰেৰণা হৈ থাকিব।
"My digital village" তৰফৰ পৰা স্বৰ্গীয় কুলাই সিং দেউৰী আৰু তেখেতৰ ধৰম পত্নীৰ স্মৃতিৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে দুয়োৰে আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ। —
সম্পাদনা আৰু সংৰক্ষণ: SK Deori www.mydigitalvillage.co.in
ফটো আৰু পৰিচয় প্ৰদানকাৰী :
শ্ৰী ৰেবনী কান্ত দেউৰী
(জেষ্ঠ পুত্ৰ, স্বৰ্গীয় কুলাই সিং দেউৰীৰ )