সম্পাদকীয় প্ৰতিবেদন - 

এই বিশাল পৃথিৱীত হাজাৰ হাজাৰ, কোটি কোটি মানুহে জীৱন যাপন কৰি আছে। প্ৰতিজন মানুহৰ জীৱনেই যেন একো একোখন পৃথক কাহিনী—কাৰোবাৰ জীৱন আছে হাঁহি, কাৰোবাৰ জীৱন আছে চকুপানী; কাৰোবাৰ জীৱনত আছে সপোন আৰু আশা, আন কাৰোবাৰ জীৱনত আছে নীৰৱ সংগ্ৰাম, ত্যাগ আৰু অপেক্ষা। সেই অসংখ্য মানুহৰ মাজত তুমিও এজন, কিন্তো তোমাৰ দৰে দ্বিতীয় এজন  মানুহ এই পৃথিৱীত নাই। কাৰণ তুমি অনন্য। 

তোমাৰ হাঁহি, তোমাৰ অনুভৱ, তোমাৰ সপোন, তোমাৰ আশা, তোমাৰ ভালপোৱা আৰু তোমাৰ জীৱন-সংগ্ৰাম—এই সকলোবোৰেই কেৱল তোমাৰ নিজৰ। হয়তো পৃথিৱীৰ দৃষ্টিত তুমি এজন সাধাৰণ মানুহ, কিন্তো তোমাৰ আপোনজনৰ বাবে তুমি এক বিশেষ পৃথিৱী। প্ৰতিজন মানুহৰ জীৱনৰেই আছে এক নিজস্ব মূল্য, এক নিজস্ব পৰিচয় আৰু এক নিজস্ব কাহিনী। কোনো মানুহেই অমূল্য নহয়।

আমি প্ৰতিজনেই জীৱনৰ একো একোজন যোদ্ধা। কোনোবাই দেশৰ বাবে যুঁজে, কোনোবাই নিজৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে যুঁজে। কোনোবাই দৰিদ্ৰতাৰ সৈতে প্ৰতিদিনে সংগ্ৰাম কৰে, কোনোবাই পৰিয়ালৰ সুখ আৰু ভৱিষ্যতৰ বাবে দিন-ৰাতি পৰিশ্ৰম কৰে। কোনো এজন ছাত্ৰই নিজৰ সপোন পূৰণ কৰি জীৱনত আগবাঢ়ি যাবলৈ কঠিন পথ অতিক্ৰম কৰে। কোনো এগৰাকী মাতৃয়ে সন্তানৰ ভৱিষ্যতৰ বাবে নিজৰ বহু সপোন ত্যাগ কৰে। কোনোবা ভাই-ভনীয়ে আপোনজনৰ সুখৰ বাবে নিজৰ ইচ্ছা-আকাংক্ষা নীৰৱে ত্যাগ কৰে।

এইদৰেই অসংখ্য অখ্যাত মানুহৰ সংগ্ৰাম, ত্যাগ, মৰম আৰু পৰিশ্ৰমে এখন সমাজক আগুৱাই নিয়ে, এখন পৰিয়ালক জীয়াই ৰাখে আৰু এই সুন্দৰ পৃথিৱীখনক অধিক অৰ্থপূৰ্ণ কৰি তোলে।

কিন্তো সময়ৰ নিষ্ঠুৰ নিয়মত এদিন এই মানুহবোৰৰ মাজৰ পৰাই বহু আপোন জনে নিজৰ বহু সপোন, বহু আশা, বহু আধৰুৱা কথা আৰু আপোনজনক এৰি এই পৃথিৱীৰ পৰা চিৰবিদায় ল’বলগীয়া হয়। কোনোবাই হয়তো আৰু কিছুদিন জীয়াই থাকিব বিচাৰিছিল। কোনোবাই হয়তো নিজৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিব বিচাৰিছিল। কোনোবাই হয়তো সন্তানৰ ভৱিষ্যৎ নিজৰ চকুৰে চাব বিচাৰিছিল। কিন্তো সকলোৰ জীৱন সদায় আমাৰ ইচ্ছামতে নচলে।

মানুহজন গুচি যায়—কিন্তো তেওঁলোকৰ স্মৃতি গুচি নাযায়।

তেওঁলোকৰ মাত, হাঁহি, মৰম, ভালপোৱা, জীৱনৰ কথা আৰু আপোনজনৰ সৈতে কটোৱা সেই সোণালী মুহূৰ্তবোৰ স্মৃতি হৈ হৃদয়ত ৰৈ যায়।

এজন মানুহৰ বিদায়ে কেৱল এটা জীৱনৰ সমাপ্তি নহয়। ই এখন পৰিয়ালৰ বাবে এক অপূৰণীয় শূন্যতা, আপোনজনৰ বাবে এক গভীৰ বেদনা, আৰু সমাজৰ বাবে এক অধ্যায়ৰ সমাপ্তি। তেওঁলোকৰ জীৱনৰ মূল্য, তেওঁলোকৰ ত্যাগ আৰু তেওঁলোকে এৰি যোৱা স্মৃতিৰ গভীৰতা কোনো শব্দৰে সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰি।

কিন্তো সময় আগবাঢ়ে। প্ৰজন্ম সলনি হয়। নতুন মানুহ আহে। পুৰণি কথাবোৰ লাহে লাহে পাহৰণিৰ গৰ্ভত সোমাই যায়। আৰু তেতিয়াই আমাৰ এটা দায়িত্ব আহি পৰে—যিসকল মানুহ আমাৰ মাজত নাথাকিলেও তেওঁলোকৰ জীৱনৰ কাহিনী যাতে সম্পূৰ্ণৰূপে হেৰাই নাযায়।

সেই এক গভীৰ অনুভৱ, এক আন্তৰিক দায়বদ্ধতা আৰু এক সৎ চিন্তাৰ পৰাই “মোৰ ডিজিটেল গাঁও”-ৰ জন্ম।

“মোৰ ডিজিটেল গাঁও” কেৱল এটা ৱেবছাইট বা এটা স্মৃতি সংৰক্ষণৰ স্থান নহয়। ই আমাৰ গাঁও-সমাজৰ সাধাৰণ মানুহৰ অসাধাৰণ জীৱন-কাহিনীবোৰ সংৰক্ষণ কৰাৰ এক বিনম্ৰ প্ৰয়াস। মানুহজন হয়তো আজি আমাৰ মাজত নাই, কিন্তো তেওঁৰ নাম, পৰিচয়, জীৱনৰ কাহিনী, কৰ্ম, সপোন, সংগ্ৰাম আৰু আপোনজনৰ হৃদয়ত এৰি যোৱা স্মৃতি যাতে সময়ৰ সোঁতত হেৰাই নাযায়—সেই উদ্দেশ্যেই এই প্ৰয়াস।

এই স্মৃতিবোৰেই যেন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবাঢ়ি যায়, নতুন প্ৰজন্মই যেন তেওঁলোকৰ কথা জানিব পাৰে, আৰু আমাৰ গাঁও-সমাজৰ প্ৰতিজন সাধাৰণ মানুহৰ জীৱন যেন ইতিহাসৰ কোনোবা এটা পাতত সন্মানেৰে সংৰক্ষিত হৈ থাকে—এইয়াই “মোৰ ডিজিটেল গাঁও”-ৰ সপোন, উদ্দেশ্য আৰু প্ৰয়াস।   

আমাৰ এই সৰু প্ৰয়াসে যদি আপোনাৰ আপোনজনৰ কোনো এটা স্মৃতি, কোনো এটা নাম অথবা কোনো এটা জীৱন-কাহিনী সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হয়, তেন্তে “মোৰ ডিজিটেল গাঁও”-ৰ এই প্ৰয়াস সাৰ্থক হ’ব।

আপোনাৰ মূল্যৱান সহযোগিতা আৰু মৰমৰ বাবে আন্তৰিক ধন্যবাদ।

সম্পাদনা আৰু সংৰক্ষণ :

কোমল সিং দেউৰী (SK Deori)

“মোৰ ডিজিটেল গাঁও” ফোন নং  7002588511

ৱেবচাইড ঠিকনা www.mydigitalvillage.co.in