স্মৃতি নং 8 . স্বৰ্গীয় নুমল  ( তৰুন) দেউৰীৰ স্মৃতি  : মৃত্যুৱেও বাধা দিব নোৱাৰা এক পবিএ প্ৰেম কাহিনী :  

১৯৯০ চনৰ সেই অভিশপ্ত আৰু বিষাদময় পুৱাৰ কথা আজিও যেতিয়া মনত পৰে, বুকুখন চিৰিংকৈ কঁপি উঠে আৰু চকুহাল চকুপানীৰে উপচি পৰে। তেতিয়া মোৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ। প্ৰকৃতিৰ নিয়ম অনুসৰি ৰাতিপুৱাৰ কেঁচা ৰঙা বেলিটো পূব আকাশত উদয় হৈছিল ঠিকেই, কিন্তো আমাৰ ঘৰখনত সেইদিনা কোনো পোহৰ নাছিল; বৰঞ্চ এক গভীৰ, ক’লা আৰু অসহ্য শোকৰ ছাঁই সমগ্ৰ পৰিৱেশটো আৱৰি ধৰিছিল।

মায়ে হিয়া ঢাকুৰি কান্দি কান্দি আমাক টোপনিৰ পৰা উঠাই দিছিল। মাক সেইদৰে হাহাকাৰ কৰি ব্যাকুল হৈ কন্দা দেখি মোৰ সেই অবুজ, নিস্পাপ সৰু মনে প্ৰথমে একো ধৰিব পৰা নাছিল , পাছত কাষতে যে কিবা এটা অতি ভয়াৱহ আৰু চিৰকালৰ বাবে হেৰুৱাই পেলোৱা দুৰ্ঘটনা ঘটি গ’ল, মোৰ শিশু মনে কেৱল তাৰে এক অজান আৰু  উমান পাইছিল। ঘৰৰ ভিতৰে-বাহিৰে কেৱল আত্মীয় আৰু গাঁৱৰ মানুহৰ মৰ্মান্তিক ভিৰ আছিল। সকলোৱে আমাৰ ঘৰৰ আগফালে অতি খৰখেদাকৈ গতি কৰিছিল। মানুহবোৰৰ মাজত চলি থকা হাহাকাৰ দেখি মইও কৌতূহল আৰু এক অজান ভয় বুকুত লৈ সেই মানুহবিলাকৰ পিছে পিছে গৈ আছিলোঁ। 

শেষত প্ৰায় তিনিশ মিটাৰমান গৈ আমি সকলো থমকি ৰৈছিলোঁ। সন্মুখত আছিল এডাল ডাঙৰ ঔটেঙা গছ। সেই ঔটেঙা গছজোপাৰ ডালত, বগা সাজ পিন্ধা এজন ব্যক্তি ৰছিত ওলমি আছিল। ৰাতিপুৱাৰ সেই ৰঙা সূৰ্যৰ পোহৰত জিলিকি উঠা সেই মৃত শৰীৰটো বতাহত লাহে লাহে হালি আছিল। সেই ভয়ংকৰ কৰুণ দৃশ্য আজিও মোৰ স্মৃতিত তেজ লগা দাগৰ দৰে গভীৰভাৱে খোদিত হৈ আছে।

সেইজনেই আছিল মোৰ দ্বিতীয়জন দাদা (ককাইদেউ), স্বৰ্গীয় নুমল (তৰুণ) দেউৰী। বয়স আছিল মাত্ৰ প্ৰায় 20 বছৰ— জীৱনৰ সপোনবোৰ ফুলিবলৈ নৌপাওঁতেই জহি যোৱা এক কৰুণ সময়। তেওঁ স্বভাৱত অতি সৰল, নম্ৰ আৰু এক নিষ্পাপ সংবেদনশীল অন্তৰৰ অধিকাৰী যুৱক আছিল। আমাৰ গাঁৱৰে এজনী ছোৱালীৰ সৈতে তেওঁৰ এক গভীৰ, প্ৰেম আৰু নিভাজ ভালপোৱাৰ সম্পৰ্ক আছিল বুলি পিছত মই জ্যেষ্ঠসকলৰ মুখে শুনিবলৈ পাইছিলোঁ। কিন্তো সেই সময়ত আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অত্যন্ত দুৰ্বল আছিল। দৰিদ্ৰতাৰ নিষ্ঠুৰ বাস্তৱ আৰু সমাজৰ বিভিন্ন কঠোৰ বাধা-নিয়মৰ বাবে পৰিয়ালে তেওঁলোকৰ সেই প্ৰেমৰ সম্পৰ্কটো মানি ল’ব নোৱাৰিলে। সমাজৰ এই কঠিন প্ৰাচীৰ, আৰ্থিক অনাটন আৰু অন্তৰৰ অপূৰ্ণ বেদনাই হয়তো দাদাৰ কোমল মনটোক ভিতৰৰ পৰা তেনেই গুড়ি কৰি পেলাইছিল। অৱশেষত, জীৱনৰ বহু আশা, অনুভূতি আৰু হাজাৰটা আধৰুৱা সপোন বুকুত বান্ধি তেওঁ অকালতে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লে। দাদাৰ এই আকস্মিক মৃত্যুৱে কেৱল আমাৰ পৰিয়ালকে নহয়, সমগ্ৰ গাঁওখনকে এক গভীৰ শোকৰ সাগৰত ডুবাই থৈ গৈছিল।

দাদা গুচি যোৱাৰ পিছত গোটেই গাঁওখন যেন স্তব্ধ আৰু শংকাশূন্য হৈ পৰিছিল। কিন্তো এই কৰুণ কাহিনীৰ কৰুণতা ইমানতে অন্ত পৰা নাছিল; ই যেন এক আধ্যাত্মিক আৰু মৰ্মন্তিক কৰুণ ঘটনাৰ ফালে গতি কৰিছিল। 

 দাদাৰ মৃত্যুৰ পিছত সেই গাওঁৱৰ ছোৱালীজনীয়েও বুকুত এক অসহ্য আৰু প্ৰাণঘাতী মানসিক আঘাত পাইছিল। তেওঁ লাহে লাহে সমাজৰ পৰা নিজকে সম্পূৰ্ণ আঁতৰাই আনিছিল, উশাহ থাকোঁতেও জীয়াই থকাৰ মোহ হেৰুৱাই খোৱা-বোৱা একেবাৰে ত্যাগ কৰিছিল আৰু একো আপত্তি নকৰাকৈ নীৰৱে চকুলো টুকি দিন কটাইছিল। প্ৰেম হেৰুৱাৰ সেই ছটফটনি আৰু নীৰৱ যন্ত্ৰণা তেওঁৰ শৰীৰে বেছিদিন সহিব নোৱাৰিলে। শেষত, দাদাৰ মৃত্যুৰ মাত্ৰ কেইমাহমান পিছতে তেখেতেও এই পৃথিৱীৰ সকলো মায়া-মোহ ত্যাগ কৰি প্ৰিয়তমৰ দেশলৈ চিৰবিদায় ল’লে।

হয়তো জীৱনৰ কঠিন সংগ্ৰামত দুয়ো এক হ’ব নোৱাৰিলে, নিয়তিৰ নিষ্ঠুৰতাই তেওঁলোকক জীয়াই থকাৰ সময়ত বুকুৰ পৰা আঁতৰাই ৰাখিলে; কিন্তো এই পবিএ প্ৰেমক মৃত্যুৱেও বিফল কৰিব নোৱাৰিলে। জীয়াই থাকোঁতে হাৰি যোৱা প্ৰেমে মৃত্যুৰ পিছত এক নতুন আৰু অমৰ ঠিকনা বিচাৰি পালে। মৃত্যুৰ সিপাৰে গৈ যেন তেওঁলোকৰ হেৰুৱা প্ৰেমে বিজয় সাব্যস্ত কৰিলে। পিছত গাঁৱৰ জ্যেষ্ঠসকলে তেওঁলোকৰ সেই অলৌকিক আৰু পবিএ প্ৰেমক সন্মান জনাই দুয়োকে ওচৰা-ওচৰিকৈ সমাধিস্থ কৰাৰ ব্যৱস্থা কৰিলে। হয়তো জীয়াই থাকোঁতে এক হোৱাৰ অধিকাৰ তেওঁলোকক সমাজে দিয়া নাছিল, কিন্তো মৃত্যুৰ পিছত তেওঁলোকৰ সেই নীৰৱ ভালপোৱাই একেখন মাটিতেই চিৰকালৰ বাবে বিলিন হৈ এক হৈ পৰিল। আজিও যেতিয়া সেই পুৱাৰ ৰঙা বেলিটো উদয় হয়, মানুহৰ কান্দোনৰ সেই কৰুণ সুৰ আৰু এক গভীৰ শূন্যতাই মোৰ হৃদয় আৱেগিক কৰি তোলে।

" জীৱনত অপূৰ্ণ হৈ ৰৈ যোৱা আপোনালোকৰ সেই পবিএ প্ৰেম আজিও এক নিৰ্মল আৰু মৃত্যুঞ্জয়ী স্মৃতি হৈ আমাৰ হৃদয়ত চিৰসেউজ হৈ জীয়াই আছে। সময়ৰ সোঁতত বহু বছৰ পাৰ হৈ গ’ল, কিন্তো আপোনালোকৰ সেই নীৰৱ ভালপোৱা আৰু বেদনাৰূপী স্মৃতি আজিও সমানেই অম্লান আৰু সতেজ। মৃত্যুৰ ওচৰত হাৰ নমনা আপোনালোক দুয়োৰে বিদেহী আত্মাক ঈশ্বৰে চিৰ শান্তি প্ৰদান কৰক। দুয়োৰে সেই পবিএ প্ৰেম আৰু অমৰ স্মৃতিলৈ জনালোঁ আমাৰ সশ্ৰদ্ধ প্ৰণাম আৰু গভীৰ শ্ৰদ্ধাঞ্জলি "  । —   সম্পাদনা  SK Deori