স্মৃতি নং 23

স্বৰ্গীয় ৰাজাৰাম দেউৰী স্মৃতিত  :  সমাজৰ বাবে উৎসৰ্গিত এটি জীৱন

স্বৰ্গীয় ৰাজাৰাম দেউৰী  স্বৰ্গীয় কেমন দেউৰী আৰু স্বৰ্গীয়া নামন্তি দেউৰীৰ সুযোগ্য সন্তান আছিল   তেখেতৰ গাওঁ আছিল, কলীয়া দেউৰী গাওঁ আম্বিকাপুৰ নদী কিনাৰ, শদিয়া । সমাজৰ বাবে উৎসৰ্গিত এক ব্যতিক্ৰমী জীৱন আছিল তেওঁৰ । 

স্বৰ্গীয় ৰাজাৰাম দেউৰী আম্বিকাপুৰ অঞ্চলৰ এগৰাকী সাহসী, দূৰদৰ্শী আৰু সমাজৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ ব্যক্তিআছিল । নিজৰ জীৱনত অভাৱ-অনাটন আৰু দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰিও তেওঁ কেতিয়াও কেৱল নিজৰ সুখ-সুবিধাৰ কথা চিন্তা কৰা নাছিল। তেওঁৰ চিন্তাৰ কেন্দ্ৰবিন্দু আছিল সমাজ, ৰাইজ আৰু আগন্তোক প্ৰজন্ম। নিজৰ জীৱনৰ সীমাবদ্ধতাৰ মাজতো তেওঁ এখন উন্নত, সুসংগঠিত আৰু স্বাৱলম্বী সমাজৰ সপোন দেখিছিল।

তেওঁৰ জীৱনকালত আম্বিকাপুৰ অঞ্চলটো আজিৰ দৰে উন্নত আৰু যোগাযোগ সমৃদ্ধ নাছিল। অঞ্চলটো শদিয়াৰ অন্যতম পিছপৰা অঞ্চল হিচাপে পৰিচিত আছিল। জৰাজীৰ্ণ বাট-পথ, যোগাযোগৰ অসুবিধা, বজাৰৰ অভাৱ, খোৱাপানীৰ সমস্যা আদি বিভিন্ন সমস্যাই অঞ্চলবাসীৰ দৈনন্দিন জীৱন কঠিন কৰি তুলিছিল। সাধাৰণ মানুহে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ, প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ অথবা বিভিন্ন চৰকাৰী আৰু সামাজিক সুবিধা লাভ কৰিবলৈ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এনে এক প্ৰতিকূল পৰিৱেশৰ মাজতেই তেখেতে উপলব্ধি কৰিছিল যে কেৱল ব্যক্তিগতভাৱে নিজৰ পৰিয়ালটোক আগুৱাই নিলেই সমাজৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহয়। অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে এক সুসংগঠিত সামাজিক ব্যৱস্থা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। এই উপলব্ধিয়েই তেওঁৰ সমাজসেৱাৰ পথ অধিক সুদৃঢ় কৰি তুলিছিল .

তেওঁৰ নেতৃত্ব আৰু নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত ১৯৯২ চনত আম্বিকাপুৰ গাঁও পঞ্চায়ত প্ৰতিষ্ঠা হয় আৰু তেওঁ পঞ্চায়তখনৰ প্ৰথমগৰাকী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। 

১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ আম্বিকাপুৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি ৰাইজৰ বিভিন্ন সমস্যা সমাধান আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিছিল।

আম্বিকাপুৰত সাপ্তাহিক বজাৰ প্ৰতিষ্ঠা কৰাটোও তেওঁৰ অন্যতম উল্লেখযোগ্য অৱদান। সেই সময়ত অঞ্চলবাসীয়ে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ দূৰ-দূৰিলৈ যাবলগীয়া হৈছিল। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে তেওঁ বজাৰ প্ৰতিষ্ঠাৰ বাবেও আবেদন কৰিছিল। অৱশেষত তেওঁৰ প্ৰচেষ্টাত আম্বিকাপুৰত সাপ্তাহিক বজাৰ প্ৰতিষ্ঠা হয়।

সময়ৰ সোঁতত সেই বজাৰখনে ক্ৰমে গুৰুত্ব লাভ কৰি আজি অসম আৰু অৰুণাচলৰ বহু লোকৰ বাবে এক গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু সামাজিক কেন্দ্ৰবিন্দু হিচাপে পৰিচিত হৈ আছে।

তেওঁৰ চিন্তা কেৱল সেই সময়ৰ সমস্যাৰ সমাধানতে সীমাবদ্ধ নাছিল । তেওঁৰ নেতৃত্বত আম্বিকাপুৰ বজাৰ অঞ্চলৰ বিদ্যালয়, চিকিৎসালয়, বজাৰ, ৰাজহুৱা খেলপথাৰ আৰু জনজাতীয় লোকসকলৰ ৰাজহুৱা জিৰণি চ'ৰা আদি সামাজিক আৰু জনকল্যাণমূলক কামৰ বাবে প্ৰায় ১০০ বিঘা মাটি আবণ্টন কৰি ৰাইজৰ বাবে সংৰক্ষণ কৰি থৈ গৈছিল । 

এই পদক্ষেপ তেওঁৰ দূৰদৰ্শী চিন্তাধাৰাৰ এক উজ্জ্বল নিদৰ্শন। তেওঁ বুজিছিল যে এখন সমাজৰ প্ৰকৃত উন্নয়ন কেৱল বৰ্তমানৰ সমস্যা সমাধান কৰিলেই নহয়; আগন্তোক প্ৰজন্মৰ বাবে শিক্ষা, চিকিৎসা, খেল-ধেমালি, বাণিজ্য আৰু ৰাজহুৱা কামৰ উপযুক্ত স্থান সংৰক্ষণ কৰাটোও সমানেই প্ৰয়োজনীয়। সেইবাবেই নিজৰ জীৱনৰ সীমাবদ্ধতাৰ মাজতো তেওঁ সমাজৰ ভৱিষ্যতৰ বাবে এক সুদৃঢ় ভেটি গঢ়ি থৈ যাবলৈ চেষ্টা কৰিছিল। 

তেখেতৰ জীৱনৰ আটাইতকৈ হৃদয়স্পৰ্শী দিশটো হ'ল—ৰাইজৰ বাবে মাটি ৰাখি থৈ যোৱা মানুহজনে নিজৰ বাবে বিশেষ একো সাঁচি থ'ব নোৱাৰিলে। সমাজৰ বাবে প্ৰায় ১০০ বিঘা মাটি সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লোৱা হৈছিল কিন্তো তেখেতৰ নিজৰ সকলো ঘৰ আৰু গাঁওখনো শেষত স্থায়ী হৈ নাথাকিল।

তেখেতৰ মৃত্যুৰ পিছত কালীয়া নদীৰ বলীয়া বানৰ প্ৰচণ্ড সোঁত আৰু গৰা খহনীয়াৰ ফলত তেখেতৰ নিজৰ ঘৰ আৰু সমগ্ৰ পুৰণি গাঁওখনৰ বহু পৰিমাণ মাটি সম্পূৰ্ণৰূপে বিলীন হৈ গ'ল। যি ভেঁটিত তেখেতে নিজৰ জীৱনৰ বহু স্মৃতি এৰি গৈছিল, সেই আপোনৰ পুৰণি গাঁওখন আজি নাই। কালীয়া নদীৰ প্ৰবল সোঁতে যেন তেখেতৰ জীৱনৰ সৈতে জড়িত সেই আপোন স্মৃতিবোৰো নিজৰ বুকুত সামৰি লৈ গ'ল।

কিন্তো প্ৰকৃতিৰ সেই নিৰ্মম পৰিহাসৰ মাজতো তেখেতৰ জীৱনৰ এক মহান সত্য আজিও অটুট হৈ আছে—

তেখেতে ৰাইজৰ বাবে যি মাটি ৰাখি থৈ গৈছিল, সেই মাটিখিনি আজিও ৰাইজৰ কামত আছে। সেই মাটিত আজিও বজাৰ আছে, বিদ্যালয় আছে, খেলপথাৰ আছে আৰু চিকিৎসালয় আছে।

অৰ্থাৎ, তেখেতৰ নিজৰ মাটিবাৰী নদীয়ে লৈ গ’ল, নিজৰ পুৰণি গাঁওখনো সময়ৰ বুকুত হেৰাই গ’ল; কিন্তো ৰাইজৰ বাবে তেখেতে যি ভেটি গঢ়ি থৈ গ’ল, সেই ভেটিৰ ওপৰত আজিও নতুন প্ৰজন্মৰ জীৱন গঢ় লৈ উঠিছে।

এজন মানুহৰ জীৱনৰ ইয়াতকৈ ডাঙৰ স্মাৰক আৰু কি হ’ব পাৰে?

নিজৰ গাঁও হেৰাই গ’ল, কিন্তো তেখেতৰ কৰ্মৰ চিন আম্বিকাপুৰৰ মাটিৰ ধূলিত আজিও বিচাৰি পাব আম্বিকাপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত, তেখেতৰ সৈতে জড়িত ইতিহাস আৰু স্মৃতিৰ মাজেৰে।

স্বৰ্গীয় ৰাজাৰাম দেউৰী নাই, কিন্তো তেখেতৰ কৰ্ম আছে।

তেখেতৰ পুৰণি গাঁও নাই, কিন্তো তেখেতৰ স্মৃতি আজিও তেখেতৰ পুত্ৰ, নাতি আৰু পৰিয়ালৰ লোকসকলৰ হৃদয়ত, লগতে আম্বিকাপুৰৰ মাটিত জীয়াই আছে।

তেখেতৰ ত্যাগ, সংগ্ৰাম আৰু সমাজৰ প্ৰতি থকা নিঃস্বাৰ্থ দায়বদ্ধতা আগন্তোক প্ৰজন্মৰ বাবে সদায় এক প্ৰেৰণাৰ উৎস হৈ থাকক।

স্বৰ্গীয় ৰাজাৰাম দেউৰীৰ পবিত্ৰ আত্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

সম্পাদনা আৰু সংৰক্ষণ : SK Deori 

ফটো আৰু পৰিচয় প্ৰদানকাৰী :

শ্ৰী জয়ৰাম দেউৰী                                                                                                 

(কনিষ্ঠ পুত্ৰ, স্বৰ্গীয় ৰাজাৰাম দেউৰীৰ ২য় ভাতৃৰ)

স্বাক্ষৰ : 

তাৰিখ :