12. স্বৰ্গীয় মহা দেউ দেউৰীৰ পবিত্ৰ স্মৃতি :
স্বৰ্গীয় মহা দেউ দেউৰী আছিল নিতাই দেউৰী গাঁৱৰ এজন অত্যন্ত সহজ-সৰল, বিশ্বাসী আৰু উদাৰ মনৰ ব্যক্তি। জ্যেষ্ঠজনৰ প্ৰতি থকা তেখেতৰ অগাধ সন্মান আৰু ভদ্ৰ ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰিছিল। জীৱনৰ কঠিন বাস্তৱক আকোৱালি লৈ তেওঁ এজন সাধাৰণ খেতিয়ক হিচাপে মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় 35 ৰ পৰা 40 বছৰ। তেখেত মাজে-সময়ে কিছু বেমাৰ-আজাৰত ভুগি আছিল যদিও শেষৰ কেইদিনমান ধৰি তেওঁ সম্পূৰ্ণ সুস্থ আছিল।
সেইবাবেই এদিন তেওঁ ঘৰৰ কিছু জৰুৰী কামৰ বাবে নিজৰ গাঁৱৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত থকা ওচৰৰে আন এখন গাঁৱলৈ গৈছিল। কিন্তো নিয়তিৰ লিখন আছিল অতি কৰুণ। তাত থকা অৱস্থাতে হঠাতে তেওঁ গুৰুতৰভাৱে বেমাৰত পৰে। সেই সময়ত আমাৰ অঞ্চলত যাতায়তৰ কোনো সুব্যৱস্থা নাছিল আৰু চিকিৎসাৰ বাবে চিকিৎসালয়ো বহু দূৰৈত আছিল। হঠাতে হোৱা এই আকস্মিক বিপদৰ সময়ত চিকিৎসা কৰাবলৈ নিয়াৰ কোনো উপায় নাছিল। অৱশেষত, তাত থকা আত্মীয়-স্বজন আৰু শুভাকাংক্ষীসকলে সহায় কৰি তেওঁক এখন মহৰ গাড়ীত উঠাই ঘৰলৈ আনিবলৈ চেষ্টা কৰিছিল। কিন্তো চিকিৎসালয় বা ঘৰ গৈ পোৱাৰ ভাগ্য তেখেতৰ নহ’ল; ঘৰলৈ আনি থকাৰ সময়তে আধাবাটতে তেওঁৰ প্ৰাণবায়ু চিৰদিনৰ বাবে উৰি গুচি যায়।
দুপৰ ৰাতিৰ গভীৰ অন্ধকাৰত গোটেই গাঁওখন তেতিয়া নিস্তব্ধ হৈ আছিল। বাহিৰত চিমচিমীয়া বৰষুণ পৰি আছিল আৰু কেঁচা বোকাময় ৰাস্তাটো একেবাৰে পিছল হৈ পৰিছিল। বৰষুণৰ শব্দৰ মাজতো সেই বোকা ৰাস্তাৰ বুকুৰে অহা মহৰ গাড়ীৰ ‘চক-চক’ শব্দ আৰু এটা মহৰ গভীৰ উশাহ-নিশাহৰ শব্দই নিশাৰ সেই নিস্তব্ধতা ভাঙি দিছিল। আমি টোপনিৰ পৰা সাৰে আছিলোঁ। দূৰৈৰ পৰা মহিলাসকলৰ ক্ৰন্দন আৰু কৰুণ কান্দোনৰ শব্দ বৰষুণৰ চিটিকনিৰ সৈতে ভাহি আহি সমগ্ৰ পৰিৱেশটো অধিক শোকাকুল কৰি তুলিছিল। সময় কিমান হৈছিল আমি জানিব পৰা নাছিলোঁ, কাৰণ আমাৰ ঘৰত কোনো ঘড়ী বা মোবাইল নাছিল। সেই নিশা যেন সময়েও নিজৰ গতি হেৰুৱাই স্তব্ধ হৈ পৰিছিল।
লাহে লাহে সেই মহৰ গাড়ীখন নিশাৰ আন্ধাৰৰ মাজেৰে আহি আমাৰ মমাৰ ঘৰৰ চোতালত ৰৈ গ’ল। আমাৰ গাঁওখনত তেতিয়া কোনো বিজুলীৰ ব্যৱস্থা নাছিল, গোটেই গাঁওখন এক গভীৰ ক’লা অন্ধকাৰ পৰিৱেশত ডুব গৈ আছিল। কেৱল কেৰাচিন তেলৰ চাকিৰ সেই টিমটিমীয়া পোহৰত সমগ্ৰ গাঁওখনত এক হাহাকাৰ, কান্দোন আৰু গভীৰ শোকৰ ছাঁ আছিল । গাড়ীৰ ওপৰত কাপোৰেৰে ঢাকি ৰখা আছিল তেখেতৰ নিথৰ দেহ। মানুহবোৰে চকুত চকুপানী লৈ সেই অন্ধকাৰৰ মাজতে ধীৰে ধীৰে ওচৰ চাপিছিল, শেষবাৰৰ বাবে তেখেতৰ মৰমৰ মুখখন চাবলৈ। সেই নিষ্পাপ মুখখনত যেন বহু আধৰুৱা স্মৃতি, পৰিয়ালৰ প্ৰতি থকা অপাৰ মৰম আৰু জীৱনৰ সংগ্ৰামৰ শেষ ছাপ লুকাই আছিল।
সেই নিশা কেৱল এটা বিদায় নাছিল, গোটেই গাঁওখনৰ হৃদয়ত এক চিৰকালৰ বাবে গভীৰ শূন্যতা এৰি যোৱা এটা অসহ্য বেদনা আছিল। অন্ধকাৰ নিশা, নিস্তব্ধ আকাশ আৰু চকুলোৰ মাজত ঘটি যোৱা সেই মৰ্মান্তিক দৃশ্যটো আমাৰ মনত চিৰদিনৰ বাবে খোদিত হৈ ৰ’ল।
“ শেষত, গাঁওখনৰ আৰু পৰিয়ালৰ প্ৰতি থকা তেখেতৰ মৰম আৰু সৰলতাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি স্বৰ্গীয় মহা দেউ দেউৰী “মমাৰ” পবিত্ৰ আত্মালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ স্নেহ, আদৰ্শ আৰু জীৱনবোধ আমাৰ হৃদয়ত চিৰকাল অমৰ হৈ থাকিব। ঈশ্বৰে তেখেতৰ বিদেহী আত্মাক চিৰ শান্তি প্ৰদান কৰক।“ — সম্পাদনা আৰু সংৰক্ষণ : SK Deori