11  . স্বৰ্গীয় মুকুন্দ  দেউৰীৰ পবিত্ৰ স্মৃতিত :  

স্বৰ্গীয় মুকুন্দ দেউৰী শদিয়াৰ বুঢ়া-বুঢ়ী দেউৰী গাঁৱৰ এজন অত্যন্ত সন্মানীয় আৰু চহকী ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আছিল। ১৯৫১ চনত জন্মগ্ৰহণ কৰা তেখেত আছিল স্বৰ্গীয় লিলাম্বৰ দেউৰীৰ জ্যেষ্ঠ পুত্ৰ । ২০২১ চনত তেখেতে এই মায়াময় পৃথিৱীৰ পৰা চিৰবিদায় লয়।

তেখেতে দীৰ্ঘদিন ধৰি নিজ গাঁৱৰ গাঁও প্ৰধান (গাঁও বুঢ়া) হিচাপে অতি নিষ্ঠা, সততা আৰু দক্ষতাৰে দায়িত্ব পালন কৰিছিল আৰু জীৱনৰ শেষ সময়লৈকে সেই গুৰু দায়িত্ব বহন কৰি গৈছিল। গাঁওবাসীৰ সুখ-দুখ, সামাজিক কাম-কাজ আৰু বিভিন্ন জটিল সমস্যাৰ সময়ত তেখেতে সদায় সন্মুখৰ পৰা নেতৃত্ব দিছিল। তেখেতৰ শান্ত স্বভাৱ, সহজ-সৰল ব্যৱহাৰ আৰু গভীৰ অভিজ্ঞতাৰ বাবে সমগ্ৰ অঞ্চলটোৰ মাজত তেখেতে এক বিশেষ মৰ্যাদা লাভ কৰিছিল।

স্বৰ্গীয় মুকুন্দ দেউৰী ডাঙৰীয়াৰ কাৰ্যকালটো একেবাৰে সহজ নাছিল। বাহিৰৰ মানুহে তেখেতৰ কেৱল গাঁও বুঢ়াৰ দায়িত্বটোহে দেখিছিল, কিন্তো ইয়াৰ আঁৰত থকা গভীৰ বেদনা আৰু সংগ্ৰামৰ কথাবোৰ তেখেতে সহজে কাৰো আগত প্ৰকাশ কৰা নাছিল। তেখেত মোৰ ধৰ্মপত্নীৰ পূজনীয় পিতৃ (মোৰ শ্ৰদ্ধাৰ শহুৰ দেউতা) আছিল। সেইসূত্ৰে আমাৰ মাজত এক অতি নিবিড় আৰু অন্তৰংগ সম্পৰ্ক গঢ়ি উঠিছিল। কেতিয়াবা নিৰ্জন সময়ত আমি দুয়ো যেতিয়া জীৱনৰ গভীৰতা লৈ হৃদয়ৰ কথা পাতিছিলোঁ, তেতিয়াই তেখেতে নিজৰ মুখৰ পৰা অতীতৰ সেই বুকু কঁপি উঠা দিনবোৰৰ কথা মোৰ আগত উজাৰি দিছিল।

তেখেতৰ মুখৰ পৰাই মই জানিব পাৰিছিলোঁ যে গাঁও প্ৰধান হিচাপে দায়িত্ব পালন কৰোঁতে তেখেতে জীৱনৰ কিমান ডাঙৰ ঘাট-প্ৰতিঘাত আৰু জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।বিশেষকৈ নব্বৈৰ দশকৰ (1990 চনৰ পৰা ২০০৪-৫ চনৰ ) সেই উত্তাল আৰু ভয়াৱহ সময়ছোৱাত হোৱা  উত্তাল আৰু ভয়াৱহ পৰিস্থিতিত, কেতিয়াবা নিষিদ্ধ সংগঠনৰ সশস্ত্ৰ মানুহ আহি গাঁৱত সমস্যাৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছতেই আকৌ ভাৰতীয় সেনা বাহিনীৰ লোকে আহি ঘৰ-দুৱাৰ তালাচী কৰি মানসিক তথা শাৰীৰিক অত্যাচাৰ কৰিছিল , ।  গাঁৱৰ শান্তিৰ স্বাৰ্থত কেতিয়াবা নিশাৰ আন্ধাৰত খোজত খোজ মিলাই তেখেত আগবাঢ়িব লগা হৈছিল ভাৰতীয় সেনাৰ সৈতে। এফালে বিদ্ৰোহী সংগঠন আৰু আনফালে সেনা বাহিনীৰ বন্দুকৰ নলী—এই দুই কঠিন যন্ত্ৰণাৰ মাজত চেপা খাইও তেখেতে কেৱল তীক্ষ্ণ বুদ্ধি আৰু সবল নেতৃত্বৰ বাবেই নিজৰ পৰিয়াল আৰু গাঁওবাসীক বুকুখনেৰে আৱৰি সুৰক্ষিত কৰি ৰাখিছিল। তেখেতে কোৱা সেই সংগ্ৰামৰ প্ৰতিটো শব্দ আজিও মোৰ বুকুত সজীৱ হৈ আছে। 


তেখেতৰ পৰিচয়ৰ আন এক অনন্য দিশ আছিল তেখেতৰ সৰল সাজ-পোছাক। সদায় বগা ধুতি পৰিধান কৰি আৰু মূৰত সন্মানেৰে বগা গামোচা মেৰিয়াই থকা তেখেতৰ সেই পৰিচিত, মৰ্যাদাপূৰ্ণ ৰূপ আজিও বহুজনৰ মনত সতেজ হৈ আছে। তেখেতে সদায় অতি সৰল জীৱন-যাপন ভাল পাইছিল আৰু সমাজৰ প্ৰতিজন মানুহৰ সৈতে গভীৰ মৰম আৰু সৌজন্যতাৰে ব্যৱহাৰ কৰিছিল।

তেখেতৰ ভৰপূৰ সংসাৰখনত পত্নী, তিনিজন পুত্ৰ — লব কুমাৰ দেউৰী, ইন্দ্ৰজিত দেউৰী আৰু ৰাজ মহন্ত দেউৰী, লগতে চাৰিজনী মৰমৰ জীয়ৰী আছিল।

যদিও ২০২১ চনত তেখেতে ইহলীলা সম্বৰণ কৰিলে, তথাপিও তেখেতৰ অমূল্য স্মৃতি, আদৰ্শ, হেৰুৱা দিনৰ সংগ্ৰাম আৰু গাঁওখনৰ প্ৰতি থকা অপৰিসীম দায়িত্ববোধ আজিও বুঢ়া-বুঢ়ী দেউৰী গাঁৱৰ প্ৰতিজন মানুহৰ হৃদয়ত চিৰকালৰ বাবে জীয়াই থাকিব।

তেখেতৰ পবিত্ৰ আৰু অমৰ আত্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি তথা চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 

সম্পাদনা আৰু সংৰক্ষণ : SK Deori