স্মতি নং 4. স্বৰ্গীয় জয় সিং দেউৰীৰ স্মৃতি :
স্বৰ্গীয় জয় সিং দেউৰী স্বৰ্গীয় ডম্বৰাম দেউৰী আৰু স্বৰ্গীয়া শুভেশ্বৰী দেউৰী ৰ জেষ্ঠ পুত্ৰ আছিল ।
আমাৰ মৰমৰ নিতাই দেউৰী গাঁৱৰ ইতিহাসৰ কথা পাতিলে যিগৰাকী ব্যক্তিৰ নাম মোৰ মনলৈ প্ৰথমে আহে, তেওঁ হ’ল— স্বৰ্গীয় জয় সিং দেউৰী। তেওঁ কেৱল এজন ব্যক্তি নাছিল, তেওঁ আছিল আমাৰ সমাজৰ শিক্ষা আৰু সংগ্ৰামৰ এক জীৱন্ত প্ৰতীক। মোৰ বাবে তেওঁৰ স্থান অতি উচ্চ, কাৰণ তেওঁৰ হাতৰ পৰাই মই জীৱনত প্ৰথম ‘অ, আ’ আৰু ‘ক, খ’ লিখিবলৈ শিকিছিলোঁ।
জয় সিং দেউৰী ডাঙৰীয়া কোনো আনুষ্ঠানিক শিক্ষা অনুষ্ঠানৰ বেতনভোগী শিক্ষক নাছিল। তথাপিও, এজন প্ৰকৃত শিক্ষা-গুৰুৰ দৰেই তেওঁ আমাৰ চুবুৰীত শিশু সকলৰ মাজত জ্ঞানৰ পোহৰ বিলাইছিল। তেওঁৰ পৰা মই যি শিক্ষা লাভ কৰিছিলোঁ, তাৰ বাবে তেওঁক কোনো বিনিময় বা মূল্য দিব লগা হোৱা নাছিল। তেওঁৰ সেই শিক্ষা দানৰ মাজত কোনো আৰ্থিক স্বাৰ্থ নাছিল; তাত আছিল কেৱল নিভাঁজ মৰম আৰু আত্মীয়তা। এজন অত্যন্ত কঠোৰ পৰিশ্ৰমী আৰু সাহসী মানুহ হিচাপে সেই সময়ৰ আদিম পৰিৱেশত হাবি-জংঘল কাটি গাঁওখনৰ ভেটি গঢ়াত তেওঁ যি সাহস দেখুৱাইছিল, সেয়া আজিও আমাৰ বাবে বিস্ময়কৰ।
ব্যক্তিত্ব আৰু আদৰ্শ:
তেওঁৰ ব্যক্তিত্বৰ আটাইতকৈ ডাঙৰ গুণ আছিল তেওঁৰ ধৈৰ্য্য। যিকোনো কঠিন পৰিস্থিতিতে তেওঁ হতাশ নহৈ সমাজখনক একগোট কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ সাহসেই আছিল গাঁৱৰ আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস।
আজি জয় সিং দেউৰী ডাঙৰীয়া আমাৰ মাজত নাই যদিও, তেওঁৰ সেই মৰমীয়াল ব্যক্তিত্ব আৰু মহান আদৰ্শ আমাৰ গাঁওখনৰ প্ৰতিটো ধূলিৰ কণাত মিহলি হৈ আছে। তেওঁৰ পবিত্ৰ স্মৃতিলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। — সম্পাদনা SK Deori