স্মৃতি নং 6
স্বৰ্গীয় অৰ্জুন চন্দ্ৰ দেউৰীৰ পবিত্ৰ স্মৃতিত :
স্বৰ্গীয় অৰ্জুন চন্দ্ৰ দেউৰী আছিল আমাৰ সমাজৰ এজন অত্যন্ত সৎ, কৰ্মনিষ্ঠ আৰু মৰমিয়াল ব্যক্তি। ভাৰতীয় ষ্টেট বেংকৰ প্ৰবন্ধক (মেনেজাৰ) হিচাপে কৰ্মৰত হৈ তেওঁ নিজৰ জীৱনৰ এক দীঘলীয়া সময় কৰ্মসূত্ৰে গাঁও-ঘৰৰ পৰা বহু দূৰত, গুৱাহাটী মহানগৰত অতিবাহিত কৰিছিল। মহানগৰীৰ সেই কৰ্মব্যস্ত জীৱনৰ মাজতো তেওঁৰ হৃদয়ত নিজৰ পৰিয়াল আৰু জন্মভূমিৰ প্ৰতি গভীৰ মৰম তথা দায়িত্ববোধ সদায় জাগ্ৰত হৈ আছিল। তেওঁৰ জন্ম হৈছিল- ৩০-০৬-১৯৫৮ চনত, শদিয়া, বুঢ়া-বুঢ়ী দেউৰী গাঁৱত ।
চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ জীৱনৰ এক শান্ত আৰু জিৰণিৰ সময় অতিবাহিত কৰিছিল। কিন্তো ভাগ্যই যেন তেওঁক সম্পূৰ্ণ সহযোগ কৰা নাছিল। কিছুমান ৰোগ-ব্যাধিত ভুগি তেওঁৰ যাতায়ত আৰু চলাফুৰা বহু পৰিমাণে সীমিত হৈ পৰিছিল। পৰিস্থিতিৰ তাগিদাত বহু সময়ত তেওঁ গুৱাহাটী মহানগৰীৰ ঘৰখনত অকলশৰে থাকিবলগীয়া হৈছিল। তথাপিও, গাঁও-ঘৰৰ কোনো আত্মীয়-স্বজন বা চিনাকি মানুহ তেওঁক চাবলৈ গ’লে, তেওঁ অপাৰ আন্তৰিকতা, মৰম আৰু স্নেহেৰে আদৰ-আপ্যায়ন কৰিছিল আৰু আপোন মানুহ পাই মনৰ সুখ-দুখৰ কথাবোৰ খুলি কৈছিল।
তেখেত মোৰ সহধৰ্মিণীৰ জ্যেষ্ঠ দদাইদেউ আছিল। সেইসূত্ৰে মই গুৱাহাটীত তেখেতৰ সৈতে একেলগে কিছুদিন সময় কটোৱাৰ এক সুন্দৰ সুযোগ লাভ কৰিছিলোঁ। সেই সময়ত মহানগৰীৰ ব্যস্ত জীৱনৰ মাজতো পৰিয়ালৰ প্ৰতিজন সদস্য নিজৰ নিজৰ কৰ্মক্ষেত্ৰ আৰু অধ্যয়নত ব্যস্ত আছিল। তাৰ মাজতো বন্ধৰ দিনবোৰত কেতিয়াবা ফুৰিবলৈ বা সাঁতুৰিবলৈ যোৱাৰ সময়ত, তেখেতে নিজৰ গভীৰ মৰম আৰু যত্নৰ চিনস্বৰূপে তেওঁৰ ল’ৰা দুটাক মোৰ লগত পঠিয়াই দিছিল। সেই সৰু সৰু ঘটনাবোৰৰ মাজতেই তেখেতৰ হৃদয়ৰ গভীৰ স্নেহ, বিশ্বাস আৰু দায়িত্ববোধ স্পষ্টভাৱে অনুভৱ কৰিব পৰা গৈছিল।
তেখেতৰ সৈতে কটোৱা সেই মধুৰ দিনবোৰত মোৰ এবাৰলৈও অনুভৱ হোৱা নাছিল যে মই আন কাৰোবাৰ ঘৰত আছোঁ, বৰঞ্চ এনে লাগিছিল যেন মই সেই ঘৰৰে এজন আপোন সদস্য। তেখেতৰ আন্তৰিক মৰম আৰু সৰল ব্যৱহাৰ সঁচাকৈয়ে অতুলনীয় আছিল। বহু মানুহে মৰম বা আত্মীয়তা অন্তৰত সাঁচি ৰাখিলেও বাহিৰত প্ৰকাশ কৰিব নোৱাৰে, কিন্তো তেখেতে সেই মৰম কোনো প্ৰতিদানৰ আশা নকৰাকৈ নিঃস্বাৰ্থভাৱে বিলাই দিছিল।
পৰৱৰ্তী সময়ত তেখেতৰ সন্তান চিকিৎসা বিজ্ঞান (ডাক্তৰী) অধ্যয়নৰ বাবে নিৰ্বাচিত হোৱাত, তেওঁৰ লগতে আমাৰ সকলোৰে বাবেও সেইয়া এক অসীম আনন্দ আৰু গৌৰৱৰ বিষয় হৈ পৰিছিল। সেই সুখ আৰু উল্লাসৰ অনুভৱ সঁচাকৈয়ে শব্দেৰে বৰ্ণনা কৰাটো কঠিন। কিন্তো নিয়তিৰ পৰিকল্পনা আছিল অতি নিষ্ঠুৰ। সময়ে হাতবাউলী দি তেখেতক সেই অচিন দেশলৈ মাতি লৈ গ’ল।
সমাজ, গাঁওখন আৰু নিজৰ ব্যক্তিগত জীৱনৰ প্ৰতি তেখেতৰ বহু সপোন, আগ্ৰহ আৰু পৰিকল্পনা আছিল। কিন্তো সময়ৰ অভাৱ আৰু জীৱনৰ ব্যস্ততাৰ বাবে বহু আশা-আকাংক্ষা আৰু পৱিত্ৰ সপোন অসম্পূৰ্ণ হৈ ৰ’ল। এই উপলব্ধিয়ে আজিও মোৰ মনত গভীৰ বেদনাৰ সৃষ্টি কৰে।
জীৱনৰ অন্তিম সময়ছোৱাত তেওঁ পৰিয়ালৰ প্ৰতি অফুৰন্ত মৰম, জীৱনৰ দীঘলীয়া অভিজ্ঞতা আৰু মূল্যৱান উপদেশৰ অমূল্য সম্পদ এৰি গৈছে। শেষ মুহূৰ্তত তেওঁ নিজৰ প্ৰিয় ধৰ্মপত্নী, দুজন পুএৰ লগতে আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু অসংখ্য শুভাকাঙ্ক্ষীক গভীৰ শোকত নিমজ্জিত কৰি ১১-০৭-২০২৫ তাৰিখে চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় লয়।
“তেওঁৰ মৃতু হলে নশ্বৰ দেহ জন্মভুমি শদিয়াৰ গাঁও ঘৰলৈ নি সৎকাৰ কৰিবলৈ মৃতুৰ কিছুদিন আগতে তেওঁ নিজে পৰিয়ালৰ সদস্য সকলক স্পষ্টকৈ কৈ গৈছে” । সেই অন্তিম ইচছাক সন্মান জনাই পৰিয়ালৰ লোকে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা আনি নিজ জন্মভুমি শদিয়া, বুঢ়া-বুঢ়ী দেউৰী গাঁৱত সৎকাৰ সম্পন্ন কৰা হয় ।
তেখেতৰ এই অনুপস্থিতিয়ে আমাৰ সমগ্ৰ পৰিয়ালত এক গভীৰ আৰু অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে।
তেখেতৰ সেই সৎ জীৱন, অপাৰ মৰম আৰু মহান আদৰ্শ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। পৰম কৰুণাময় ভগৱানৰ ওচৰত সশ্ৰদ্ধ প্ৰাৰ্থনা জনাইছোঁ—তেখেতৰ পৱিত্ৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। এইয়েই আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি।
সম্পাদনা — SK Deori