নিতাই দেউৰী গাঁৱৰ সৃষ্টি আৰু সংগ্ৰামৰ ইতিহাস
প্ৰকৃতিৰ বুকুত বিৰাজমান তিনিচুকীয়া জিলাৰ শদিয়াৰ এক অবিচ্ছেদ্য অংশ হ’ল আমাৰ মৰমৰ নিতাই দেউৰী গাঁও। আজিৰ এই বিকশিত আৰু প্ৰাণৱন্ত গাঁওখনৰ আঁৰত আছে এক অতিকৈ সংগ্ৰামী আৰু ত্যাগৰ ইতিহাস। এই ইতিহাস হ’ল হাবি-জংঘল কাটি এখন সমাজ গঢ়িবলৈ কৰা আমাৰ পূৰ্বপুৰুষসকলৰ অদম্য সাহসৰ কাহিনী।
গাঁৱৰ আৰম্ভণি আৰু প্ৰত্যাহ্বান:
১৯৬৪ চনত এই গাঁওখনৰ ভেটি স্থাপন কৰা হৈছিল। সেই সময়ত আমাৰ মৌজা আছিল : শদিয়া মিচিমি পাহাৰ খণ্ড আৰু সেই সময়ত এই ভূখণ্ড আছিল কেৱল গভীৰ হাবি আৰু বনৰীয়া পশুৰ বিচৰণস্থলী। নাছিল , পানীৰ সুব্যৱস্থা, নাছিল যাতায়তৰ বাবে কোনো পথ। দুৰ্ভিক্ষ আৰু অভাৱৰ তাৰণাত অতিষ্ঠ হৈ সেই সময়ত বহু পৰিয়ালে গাঁও এৰি অন্য ঠাইলৈ গুচি গৈছিল।
সমাজ গঢ়োঁতাসকলৰ অৱদান:
জীৱনৰ সকলো বাধা নেওচি যিসকল ব্যক্তিয়ে মাটি কামুৰি পৰি আছিল, তেওঁলোকৰ সাহসতেই আজি নিতাই দেউৰী গাঁৱে এক নতুন পৰিচয় লাভ কৰিলে। সেইসকলৰ ভিতৰত বিশেষভাৱে স্মৰণীয় হ’ ল— স্বৰ্গীয় জয় সিং দেউৰী, স্বৰ্গীয় কুলাই সিং দেউৰী, স্বৰ্গীয় ধৰ্ম দেউৰী, স্বৰ্গীয় বসন্ত দেউৰী আৰু স্বৰ্গীয় মন্ত্ৰী দেউৰী আদিকে ধৰি আৰু বহুজন ত্যাগী পুৰুষ আৰু আই-মাতৃ সকল ।
সেইসকল মহান ব্যক্তিৰ হাতৰ কুঠাৰ আৰু কোৰৰ চাবতেই আজি আমাৰ গাঁওখন গঢ় লৈ উঠিছে। ইয়াত আমি মাত্ৰ কেইগৰাকীমান ব্যক্তিৰ নামহে উল্লেখ কৰিছোঁ। আমাৰ গাঁও গঢ়াৰ এই যজ্ঞত তেওঁলোকৰ লগতে আৰু বহুতো ব্যক্তি জড়িত আছিল, যাৰ নাম এই মুহূৰ্তত উল্লেখ কৰাটো সম্ভৱ হোৱা নাই।
বাকি থকা প্ৰতিগৰাকী ব্যক্তিৰ নাম আৰু তেওঁলোকৰ অমূল্য অৱদানৰ কথা আমি পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে এই ৱেবচাইটত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম — সম্পাদনা SK Deori ,
বৰ্ণনাকাৰী শ্ৰী যুত ৰেবনী কান্ত দেউৰী, জেষ্ঠ নাগৰিক,নিতাই দেউৰী গাঁৱৰ।